অসম

assam

By

Published : May 7, 2022, 9:18 PM IST

ETV Bharat / state

Nightlife in Guwahati: মহানগৰীৰ বিলাসী বাৰত যুৱকৰ উদ্ভণ্ডালি

গুৱাহাটী মহানগৰ বিলাসী বাৰত চাৰি যুৱকৰ উদ্ভণ্ডালি । উদণ্ড চাৰি যুৱকে ডাউনটাউনস্থিত 'Nuts and brew' নামৰ বাৰখনৰ ভিতৰত সুৰাসক্ত হৈ উদ্ভাণ্ডালি কৰে যুৱকৰ দলটোৱে (Youths atrocity at bar in Guwahati) । কৰ্তৃপক্ষৰ অভিযোগৰ ভিত্তিত যুৱকৰ দলটোক আটক কৰি দিছপুৰ থানালৈ লৈ যোৱা হয় ।

Unpleasant Situation at Bar in Guwahati
মহানগৰীৰ বিলাসী বাৰত যুৱকৰ উদ্ভণ্ডালি

গুৱাহাটী, ৭ মে’: গুৱাহাটী মহানগৰ বিলাসী বাৰত চাৰি যুৱকৰ উদ্ভণ্ডালি (Youths atrocity at bar in Guwahati)। উদণ্ড চাৰি যুৱকে ডাউনটাউনস্থিত 'Nuts and brew' নামৰ বাৰখনৰ ভিতৰত সুৰাসক্ত হৈ উদ্ভাণ্ডালি কৰে যুৱকৰ দলটোৱে । বাৰৰ কৰ্তৃপক্ষই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰি খবৰ দিয়ে দিছপুৰ আৰক্ষীক (Youth arrests from bar in Guwahati)।

কৰ্তৃপক্ষৰ অভিযোগৰ ভিত্তিত যুৱকৰ দলটোক আটক কৰি দিছপুৰ থানালৈ লৈ যোৱা হয় । উল্লেখ্য যে, আৰক্ষীয়ে আটক কৰাৰ সময়ত সুৰাসক্ত অৱস্থাত আছিল যুৱককেইজন । আটকাধীন যুৱককেইজন হৈছে জনক কুমাৰ পাঠক(কাহিলীপাৰা), আচিক ৰহমান(ডাউন টাউন), কৃষানু ভৰদ্বাজ (অম্বিকাগিৰি নগৰ) আৰু বিশ্বজিৎ দলে (কাহিলীপাৰা)। গুৰুত্বপূৰ্ণ কথা যে, নিশা দিছপুৰ থানাত ৰখা হয় ধৃত যুৱক কেইজনক ।

মহানগৰীৰ বিলাসী বাৰত যুৱকৰ উদ্ভণ্ডালি

উদণ্ড যুৱককেইজনে আৰক্ষীকো ভাবুকি প্ৰদানৰ অভিযোগ উত্থাপিত হৈছে । আনহাতে ঘটনা সন্দৰ্ভত বৰ্তমানলৈ মুখ খোলা নাই বাৰ কতৃপক্ষ‌ই । নিশা আঢ়ৈ বজালৈ বাৰখন খুলি ৰখা গুৰুতৰ অভিযোগো উত্থাপিত হৈছে । ঘটনা সংঘটিত হোৱা পাছত সাংবাদিক যোৱাত ততাতৈয়াকৈ বন্ধ কৰে বাৰখন ।

লগতে পঢ়ক:লখিমপুৰত জুবিনৰ সংগীতানুষ্ঠানত একাংশৰ উদ্ভণ্ডালি

ABOUT THE AUTHOR

...view details