গুৱাহাটী, 5 ফেব্ৰুৱাৰী: ৰাজ্যত বাল্যবিবাহ ৰোধৰ বাবে বৃহস্পতিবাৰৰ নিশাৰ পৰা আৰক্ষীয়ে কঠোৰ অভিযান অব্যাহত ৰাখিছে (Operation against child marriage in Assam) ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) ৰাজ্যত ক্ৰমাৎ বাল্যবিবাহৰ ঘটনা বৃদ্ধি হোৱাৰ এক উদ্বেগজনক তথ্য প্ৰকাশ কৰাৰ পিচতে আৰক্ষীক অভিযান চলাই বাল্যবিবাহত আৱদ্ধ হোৱা আৰু ইয়াৰ লগত জড়িত থকাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল ৷ এই নিৰ্দেশনাৰ পিচতেই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰায় 2200 তকৈ অধিক লোকক আটক কৰি আৰক্ষীৰ জিম্মাত ৰখা হৈছে (Many Arrested related to child marriage case) ৷
এই অভিযানৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে (Youth attempt to committed suicide) ৷ মানকাচৰৰ যুৱতীৰ আত্মহনন ঘটনাৰ চাঞ্চল্য মাৰ নৌ৷যাওঁতেই এইবাৰ মহানগৰীৰৰ বশিষ্ঠত এজন 18 বছৰীয়া যুৱকে আত্মহননৰ চেষ্টা কৰাৰ খবৰ পোহৰলৈ আহিছে (Attempt to suicide case in Guwahati) ৷ শনিবাৰে নিশা মহানগৰীৰ বশিষ্ঠৰ বৰপথাৰ অঞ্চলত এজন ১৮ বছৰীয়া যুৱকে শহুৰেকৰ ঘৰত আত্মহত্যা কৰিবলৈ চেষ্টা কৰে ৷
প্ৰায় এবছৰ পূৰ্বে ১৮ বছৰীয়া যুৱকজনে বৰপথাৰৰ এগৰাকী ১৬ বছৰীয়া কিশোৰীক বিয়া পাতিছিল । সেয়েহে বাল্যবিবাহ বিৰোধী অভিযানত গ্ৰেপ্তাৰ হোৱাৰ ভয়ত শহুৰেকৰ ঘৰতে চিপ লৈ যুৱকজনে আত্মহত্যাৰ চেষ্টা চলায় যদিও কথমপি প্ৰাণৰক্ষা পৰে । এই ঘটনাই যুৱকজনৰ শহুৰেকৰ ঘৰৰ লগতে সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ স্বামীৰ এই কাণ্ড দেখি পত্নী কান্দোনত ভাগি পৰে ৷