গুৱাহাটী, ২২ ডিচেম্বৰ : নিশাৰ গুৱাহাটী কিমান সুৰক্ষিত মহানগৰবাসীৰ বাবে ? তাতে যদি তেওঁলোক যুৱতী বা মহিলা হয় ! স্মাৰ্ট গুৱাহাটীত স্মাৰ্ট আৰক্ষীয়ে গিজগিজাই থকাৰ পিছতো সুৰক্ষিত নহয় সাধাৰণ নাগৰিক । তাৰেই শেহতীয়া প্ৰমাণ বুধবাৰে নিশা মহানগৰীত সংঘটিত এক ঘটনা (youth misbehave girl at Khanapara) ।
খানাপাৰা কেন্দ্ৰীয় বিদ্যালয়ৰ সন্মুখত সংঘটিত হৈছে এই ভয়ঙ্কৰ ঘটনাটো (Horrific incident at khanapara) । উদণ্ড যুৱকে কাৰ ষ্টাণ্ট কৰি চুলিত ধৰি চোঁচৰাই নিলে এগৰাকী যুৱতীক (youth stabbed girl by car stant at khanapara) । প্ৰাপ্ত তথ্যমতে, এই উদণ্ড যুৱকজনৰ নাম ৰোহণ আগৰৱালা ।
উল্লেখ্য, কাৰ ষ্টাণ্ট কৰা এইগৰাকী উদণ্ড যুৱকে যুৱতীগৰাকীক অশ্লীল ইংগিত দিয়াৰ অভিযোগ উঠিছে । যুৱতীগৰাকীয়ে তাৰেই প্ৰতিবাদ কৰিবলৈ যাওঁতে তেওঁক চুলিত ধৰি তীব্ৰ বেগত বহুদূৰ চোঁচৰাই লৈ যায় । লগে লগে ঘটনাটোক কেন্দ্ৰ কৰি তীব্ৰ আতংকৰ সৃষ্টি হয় খানাপাৰাত । আনহাতে, ঘটনাটো সংঘটিত কৰিয়ে যুৱকজনে পলায়ন কৰে । পিছত যুৱতীগৰাকীয়ে এই সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত অভিযোগ দাখিল কৰে । ইতিমধ্যে যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত যুৱকজনৰ পিতৃক আৰক্ষীয়ে আটক কৰিছে । লগতে ঘটনা সংঘটিত কৰা বাহনখনো আৰক্ষীয়ে জব্দ কৰিছে ।
কিন্তু এইখিনিতে এটা প্ৰশ্ন উত্থাপন হয়, খানাপাৰাৰ দৰে এটা অঞ্চলত আৰক্ষীয়ে দিনে-নিশাই টহল দি থকাৰ পিছতো এনে ঘটনা কেনেদৰে সংঘটিত হ'ব পাৰিলে । লগতে সচেতন নাগৰিকৰ এইটোও প্ৰশ্ন যে উক্ত ঘটনাটো সংঘটিত কৰি তীব্ৰ বেগত পলায়ন কৰা গাড়ীখন আৰক্ষীৰ দৃষ্টিত কিয় ধৰা নপৰিল ? তাৰ লগতে প্ৰশ্ন উত্থাপিত হয় নিশাৰ মহানগৰীত পথচাৰীসকল কিমান সুৰক্ষিত । কিয়নো ইতিমধ্যে এনে বহুকেইটা ঘটনা মহানগৰীত সংঘটিত হৈ গৈছে ।