অসম

assam

ETV Bharat / state

Unique bike buyer: বস্তাত টকা আনি ক্ৰয় কৰিলে স্কুটী

প্ৰৱল ইচ্ছা শক্তি আৰু ধৈৰ্য থাকিলে সকলো সপোন পূৰণ কৰাই যেন সম্ভৱপৰ । তাকেই যেন প্ৰমাণ কৰিলে ছিপাঝাৰৰ এজন উদ্যমী যুৱক ছাইদুল হকে । পান-তামোলৰ দোকান ১ টকীয়া, ২ টকীয়া, ৫ টকীয়া, ১০ টকীয়া আৰু ২০ টকীয়া মুদ্ৰা জমা কৰি অৱশেষত প্ৰায় ৯০ হাজাৰ টকাৰে ক্ৰয় কৰিলে সপোনৰ বাহনখন (Youth purchased Bike by savings coins) ।

Youth purchased Bike by savings coins
বস্তাত টকা আনি ক্ৰয় কৰিলে স্কুটী

By

Published : Mar 27, 2023, 6:47 PM IST

বস্তাত টকা আনি ক্ৰয় কৰিলে স্কুটী

গুৱাহাটী,২৭ মাৰ্চ: প্ৰত্যেকজন মানুহৰে জীৱনত একোটা সপোন থাকে । এটা ধুনীয়া ঘৰ, এখন সপোনৰ বাহন লোৱাৰ । সেই সপোন পূৰাবলৈ প্ৰতিজনেই সন্মুখীন হয় বহু কষ্টৰ, বহু ঘাট-প্ৰতিঘাটৰ । আকৌ কেতিয়াবা সেই সপোনৰ বাটত যেন হেঙাৰ হিচাপে ঠিয় দিয়ে দৰিদ্ৰতাই । কিন্তু প্ৰৱল ইচ্ছা শক্তি আৰু ধৈৰ্য থাকিলে যেন জীৱনত সকলো কামেই কৰিব পাৰি ।

সেই কথাকে প্ৰমাণ কৰি দেখুৱালে ছিপাঝাৰৰ ছাইদুল হকে‌(Poor young man fulfills his dream) । যিদৰে এটোপ এটোপকৈ সাগৰ বৈ যায় ঠিক তেনেকৈ ছিপাঝাৰৰ ছাইদুল হকে বৰাগাঁও চাৰিআলিত বিগত ৬ বছৰে পান-তামোলৰ দোকান দি সঞ্চয় কৰিছিল প্ৰায় এক লাখ টকা । ছাইদুলে ১ টকীয়া, ২ টকীয়া, ৫ টকীয়া, ১০ টকীয়া আৰু ২০ টকীয়া মুদ্ৰা প্ৰতিদিনে জমা কৰিছিল সপোনৰ গাড়ীখন ক্ৰয় কৰিবৰ বাবে (Youth purchased Bike by savings coins) ।

অৱশেষত ছয় বছৰে জমা কৰি ৰখা ধন বস্তাত ভৰাই আনি ছাইদুল হকে লৈ গ'ল সপোনৰ দুচকীয়া Honda Dio বাহনখন । উল্লেখ্য যে, দৰং জিলা ছিপাঝাৰৰ অতি দৰিদ্ৰ পৰিয়ালৰ ছাইদুল হকে বৰাগাঁৱৰ পদপথত পান-তামোলৰ দোকান দি এটকা দুটকাকৈ প্ৰায় ৯০ হাজাৰ টকা জমা কৰিছিল । অৱশেষত সোমবাৰে বস্তাত টকা ভৰাই আনি গড়চুকত থকা ৰয়েল ৰাইডাৰ্চ দিলাৰৰ পৰা ক্ৰয় কৰে সপোনৰ বাহনখন (Unique bike buyer in Sipajhar) ।

ডিলাৰৰ কৰ্মচাৰীয়ে ইমানবোৰ খুচুৰা টকা দেখি কৌতুহলৰ সৃষ্টি হয় । পিছত টকা গণি শেষ হোৱাৰ পিছত গামোচা পিন্ধাই বাহনখন প্ৰদান কৰে ছাইদুলক । লগতে এনেকুৱা গ্ৰাহক অহা বাবে সুখী অনুভৱ কৰে ডিলাৰ কৰ্তপক্ষই । পূৰ্বতে বাতৰি কাকত বা সংবাদ মাধ্যমযোগে শুনি আহিছিল আজি স্বচক্ষে দেখি আনন্দিত হৈ পৰে ডিলাৰ কৰ্তৃপক্ষ ।

লগতে পঢ়ক:Gamocha Controversy in Assam; বীৰ্যহীন কাপুৰুষৰ দৰে কোনেও মন্তব্য নকৰিব: বীৰ লাচিত সেনা অসম

ABOUT THE AUTHOR

...view details