গুৱাহাটী, 23 জুলাই : গুৱাহাটী মহানগৰীত ক্ৰমাৎ তীব্ৰতৰ হৈছেহাতী মানুহৰ সংঘাত (Man elephant conflict)। গুৱাহাটীৰ আশে পাশে থকা পাহাৰ তথা সংৰক্ষিত বনাঞ্চলসমূহত একাংশ অবিবেচক লোকৰ অবাধ বন ধ্বংসৰ পৰিণতিত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ প্ৰৱেশ ঘটিছে বন্য প্ৰাণীৰ (Elephant menace in Guwahati) । এনে কাৰ্যৰ পৰিণতিত হাতী মানুহৰ সংঘাতে ধাৰণ কৰিছে চূড়ান্ত ৰূপ ।
শনিবাৰে বিয়লি ভাগত আমছিং অভয়াৰণ্যৰ পৰা ওলাই অহা এটা বন্যহস্তীয়ে আমছিং যোৰাবাট বজাৰত বিচৰণ কৰাক কেন্দ্ৰ কৰি শংকিত হৈ পৰে অঞ্চলবাসী । আনকি বিয়লি প্ৰায় 3:30 বজাত আমছিং যোৰাবাটৰ শনি মন্দিৰৰ ওচৰত পেলনীয়া বয়-বস্তু খাই আছিল বন্যহস্তীটোৱে । তেনে সময়তে ন মাইল দিশৰ পৰা অহা AS 01 PC 1148 নম্বৰৰ ALTO বাহন এখন আহি বনৰীয়া হাতীটোৰ ওচৰত ৰয় ।
তাৰ পিছত স্থানীয় লোকে বাহনখন সেই স্থানৰ আঁতৰাই নিবলৈ কোৱাত বাহনখনৰ চালকে বাহনখন কিছু নিলগত লৈ যায় । কিন্তু কিছু সময় পিছত এজন যুৱক বাহনখনৰ পৰা ওলাই আহি হাতীটোৰ সন্মুখত ৰয় । যুৱকজনে বন্যহস্তীটোক কিছু খাদ্য বস্তু দিবলৈ লোৱাৰ সময়তে হঠাৎ উগ্ৰমূৰ্তি ধাৰণ কৰে হাতীটোৱে ৷