গুৱাহাটী 27 মাৰ্চ: অসমৰ নৱনিযুক্ত আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং আৰু মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীক জনতাৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপনেৰে কাম কৰি যাবলৈ আহ্বান জনোৱাৰ সময়তে অসমত আৰক্ষীৰ নিৰ্যাতনৰ কেইবাটাও ঘটনাই এই আহ্বানক উপলুঙা কৰা পৰিলক্ষিত হৈছে ৷ অতি শেহতীয়াভাৱে এজন যুৱক থানাৰ ভিতৰত আৰক্ষীৰ প্ৰহাৰত আহত হৈ চিকিৎসাধীন হোৱাৰ অভিযোগ উঠিছে ৷ ঘটনাটো সংঘটিত হৈছে গুৱাহাটী মহানগৰীৰ বশিষ্ঠ আৰক্ষী থানাত (Police torture accused inside police station) ৷
চুৰিৰ অভিযোগত অভিযুক্ত যুৱকজনক আটক কৰিছিল বশিষ্ঠ আৰক্ষীয়ে ৷ কিন্তু তাৰ পাচতেই থানাৰ লক আপত সংঘটিত হয় ভয়ংকৰ ঘটনা । থানাৰ ভিতৰত থাৰ্ড ডিগ্ৰী প্ৰদান কৰা হৈছিল যুৱকজনক । আৰক্ষীৰ প্ৰহাৰত আহত হোৱা যুৱকজনক ভৰ্তি কৰিবলগীয়া হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত ৷ আহত যুৱকজনৰ নাম অমিত হালৈ বুলি জানিব পৰা গৈছে । বশিষ্ঠ আৰক্ষী থানাৰ মাইদাংশ্ৰী বৰগয়াৰী নামৰ আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে যুৱকক থাৰ্ড ডিগ্ৰী প্ৰদানেৰে আহত কৰাৰ অভিযোগ তুলিছে ভুক্তভোগী পৰিয়ালে (Youth injured in Police torture)।
লগতে পঢ়ক:Suicide case in Goalpara: গৃহৰক্ষী জোৱানৰ অস্থায়ী কাৰ্যালয়ত জোৱানৰ আত্মহত্যা
উল্লেখ্য যে, বিগত বৰ্ষৰ ডিচেম্বৰ মাহত ভেটাপাৰাৰ কল্যাণ শৰ্মা নামৰ মাটিৰ ব্যৱসায়ীজনৰ ঘৰৰ পৰা সোণ চুৰি হোৱাৰ অভিযোগত গোচৰ ৰুজু হৈছিল অমিত হালৈৰ জ্যেষ্ঠ ভাতৃৰ বিৰুদ্ধে । আনকি সেই অভিযোগত অমিত হালৈৰ জেষ্ঠ ভাতৃ গ্ৰেপ্তাৰ হৈ জেললৈও যাবলগীয়া হৈছিল । কিন্তু শেহতীয়াকৈ অমিত হালৈৰ ভাতৃয়ে জামিন লাভ কৰাৰ পিচতে একেটা চুৰিৰ ঘটনাত সন্দেহৰ ভিত্তিত আৰক্ষীয়ে বশিষ্ঠৰ নিজ গৃহৰ পৰা যোৱা সোমবাৰে আটক কৰিছিল অমিত হালৈ নামৰ যুৱকজনক । তাৰ পিচতেই তদন্তৰ নামত থানাত অমিতৰ ওপৰত আৰক্ষীয়ে প্ৰয়োগ কৰে থাৰ্ড ডিগ্ৰী । এই থাৰ্ড ডিগ্ৰীতে অমিত হালৈ অসুস্থ হৈ ভৰ্তি হ’ব লগীয়া হয় চিকিৎসালয়ত (Allegation against Basistha police) ।