ৰঙিয়া,11 অক্টোবৰ: চলন্ত ৰেলৰ পৰা সন্ধানহীন ৰঙিয়াৰ এজন যুৱক ৷ নিযুক্তিৰ সন্ধানত বাংগালুৰুলৈ গৈ থকাৰ সময়তে যাত্ৰীবাহী ৰেলৰ পৰা নিৰুদ্দিষ্ট হৈ পৰে ৰঙিয়াৰ যুৱকজন (youth missing from train) ৷ নিৰুদ্দেশ হোৱা যুৱকজনৰ নাম নুৰুল আমিন বুলি জানিব পৰা গৈছে । প্ৰাপ্ত খবৰ অনুসৰি, চাকৰি বিচাৰি যুৱকজনে ৩ অক্টোবৰৰ দিনা গুৱাহাটী এছ এম ভি টি বাংগালুৰু এক্সপ্ৰেছৰ যোগেদি আৰম্ভ কৰিছিল যাত্ৰা ৷
Missing incident: বাংগালুৰু অভিমুখী ৰেলৰ পৰা সন্ধানহীন ৰঙিয়াৰ যুৱক যাত্ৰাৰ সময়ছোৱাত সময়ে সময়ে ফোনযোগে আত্মীয়-স্বজনৰ জৰিয়তে যোগাযোগ বৰ্তাই ৰাখিছিল নুৰুলে ৷ কিন্তু ৪ অক্টোবৰৰ নিশা ৰেলৰ কোনো যাত্ৰীয়ে নুৰুলক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে আৰু এই বিষয়ে পৰিয়ালক ফোনযোগে অৱগত কৰি থকাৰ মাজতে নুৰুলৰ ফোনটো বন্ধ হৈ যোৱাত পৰিয়ালৰ সৈতে নুৰুলৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে (Assam youth goes missing from Bengaluru train)।
তেতিয়াৰ পৰাই নুৰুল আমিনৰ সৈতে কোনো সংযোগ ঘটাব পৰা নাই পৰিয়ালবৰ্গই (Youth from Rangia missing) ।
Missing incident: বাংগালুৰু অভিমুখী ৰেলৰ পৰা সন্ধানহীন ৰঙিয়াৰ যুৱক উল্লেখ্য যে, যুৱকজনে লগত নিয়া টকা আৰু সকলো সা-সামগ্ৰী ভৰ্ত্তি বেগটো ৰেলৰ ভিতৰতে উদ্ধাৰ হৈছে বুলি পৰিয়ালক নুৰুল আমিনৰ সৈতে একেলগে ৰেলখনত থকা এজন বন্ধুৱে জানিবলৈ দিয়ে । পৰিয়ালবৰ্গই জানিবলৈ দিয়া অনুসৰি অন্তিম বাৰ নুৰুল আমিনৰ সৈতে কথা পতাৰ সময়ত ৰেলখন তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশৰ সীমান্তৰ মাজেৰে গৈ আছিল ।
বহু বিচাৰ-খোচাৰ কৰিও জেষ্ঠ পুত্ৰৰ কোনো সন্ধান উলিয়াব নোৱাৰাত চিন্তাত ভাগি পৰিছে নিৰুদ্দিষ্ট যুৱকজনৰ বৃদ্ধ পিতৃ-মাতৃ । আনহাতে, এই ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷ জেষ্ঠ পুত্ৰ সন্ধানহীন হোৱাৰ শোকত নুৰুল আমিনৰ পিতৃ তথা প্ৰাক্তন শিক্ষক আছৰাফুদ্দিন আহমেদে ঘৰতে পৰি দুৰ্ঘটনাত পতিত হয় আৰু বৰ্তমান আমিনৰ পিতৃ চিকিৎসাধীন অৱস্থাত আছে ।
8 দিন পৰ্যন্ত পুত্ৰৰ কোনো শুংসূত্ৰ উলিয়াব নোৱাৰি ভুক্তভোগী পৰিয়ালটো বৰ্তমান ৰঙিয়া ৰেল আৰক্ষীৰ কাষ চাপিছে (Missing।
লগতে পঢ়ক:Indu-Bangla Trade relations: বাংলাদেশৰে বাণিজ্যিক সম্পৰ্ক উন্নিত কৰিবলৈ কেন্দ্ৰলৈ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ আৰ্জি