গুৱাহাটী,১৩অক্টোবৰ:মহানগৰ আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান তীব্রতৰ কৰাৰ পিচতো ৰোধ হোৱা নাই ড্ৰাগছ আসক্তৰ উপদ্ৰৱ । ড্ৰাগছৰ বাবে কিছুদিন পূৰ্বে নুনমাটি অঞ্চলত ৰোহিত দৰ্জী নামৰ এজন যুৱকৰ মৃত্যু হোৱা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ নিষিদ্ধ ড্ৰাগছে প্ৰাণ কাঢ়িলে আন এজন যুৱকৰ । এইবাৰ নুনমাটি থানাৰ অন্তৰ্গত বীৰকুছি অঞ্চলত সংঘটিত হৈছে এই ঘটনা । বৰপেটা জিলাৰ ভৱানীপুৰ শালবাৰীৰ বাসিন্দা জিৎ বাহাদুৰ লামা (২১) নামৰ যুৱকজনৰ মৃত্য়ুক লৈ সৃষ্টি হৈছে ৰহস্য়ৰ ।
অত্যাধিক ড্ৰাগছ সেৱনৰ ফলত যুৱকজনৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে সন্দেহ কৰাৰ বিপৰীতে ড্ৰাগছ আসক্ত দুজন বন্ধুৱে মিলি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে মৃত যুৱকজনৰ পৰিয়ালৰ লোকে । ইতিমধ্যে মৃত যুৱকজনৰ পৰিয়ালৰ লোকে নুনমাটি থানাত এজাহাৰ দাখিল কৰিছে । উল্লেখ্য় যে বৰপেটাৰ জিৎ বাহাদুৰ লামা নামৰ যুৱকজন এবছৰ পূৰ্বে বিপাশা লামা নামৰ যুৱতী গৰাকীৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল । বিয়াৰ পাছত জিৎ বাহাদুৰ লামাই পত্নীক লৈ গুৱাহাটীৰ বীৰকুছিৰ টেৰণ পথৰ বাবুল কলিতা নামৰ লোকজনৰ ঘৰত ভাৰাতীয় হিচাপে আছিল । জিৎ বাহাদুৰ লামাই বোন্দাৰ আছাম ৰুফিং লিমিটেড কোম্পানীত কাম কৰাৰ লগতে বন্ধৰ দিনত ই-ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰি আছিল ।
ঘটনাৰ দিনা অৰ্থাৎ যোৱা ১১ অক্টোবৰত দিনৰ ১১ মান বজাত দুই বন্ধু ক্ৰমে ৰজত বৰ্মন আৰু ত্ৰিদ্বীপ ৰংপিয়ে ঘৰৰ পৰা জিৎ বাহাদুৰ লামাক বীৰকুছিৰ শ্মশানলৈ মাতি নিয়ে । তাত আটাইকেইজনে কম বেছি পৰিমানে ড্ৰাগছ সেৱন কৰে । অত্যাধিক নিচা সেৱন কৰাৰ ফলত জিৎ বাহাদুৰ লামা অচেতন হৈ পৰাৰ লগতে মুখেৰে ফেন ওলায় । ইফালে, জিৎ বাহাদুৰ লামাৰ পত্নীয়ে কেইবাবাৰো ফোন কৰাৰ পিছতো ফোনটো নধৰাত চিন্তিত হৈ পৰে । বহুসময়ৰ পিছত ৰজত বৰ্মন নামৰ বন্ধুজনে জিৎ বাহাদুৰ লামা শ্মশানত পৰি থকা বুলি পত্নীক অৱগত কৰে । ততাতৈয়াকৈ পত্নীয়ে শ্মশানত উপস্থিত হৈ মুমূৰ্ষূ অবস্থাত জিৎ বাহাদুৰ লামাক উদ্ধাৰ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয় হাস্পতাললৈ নিয়ে যদিও চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰি মৃত্য়ু হোৱা বুলি ঘোষণা কৰে ।
কালি দিনৰ ভাগত জিৎ বাহাদুৰ লামাৰ মৃতদেহ বীৰকুছিৰ গৃহলৈ অনাৰ পিছত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয় । ড্ৰাগছৰ বাবেই যুৱকজনৰ মৃত্যু হোৱা বুলি নুনমাটি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে । আনহাতে,মৃত যুৱকজনৰ পত্নীয়ে দুই বন্ধুৱে মিলি অত্যাধিক ড্ৰাগছ সেৱন কৰাই হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰিছে । উল্লেখ্য় যে জিৎ বাহাদুৰ লামাৰ পত্নী ৭ মাহৰ অন্তঃসত্তা ।
লগতে পঢ়ক:Youth dies of drug overdose : অত্যাধিক ড্ৰাগছ সেৱনৰ ফলত যুৱকৰ মৃত্যু