অসম

assam

ETV Bharat / state

প্ৰতিবাদস্থলীত আৰক্ষীৰ সৈতে টনা-আজোৰা লাগিল অংকিতা দত্তৰ - নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ

সমগ্ৰ ৰাজ্যতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা নগাঁৱৰ প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰাক গুলীওৱা ঘটনাৰ (Student Leader Shot by Police in Nagaon) বিৰুদ্ধে কামৰূপ মহানগৰ আৰু কামৰূপ গ্ৰাম্যৰ জিলা যুৱ কংগ্ৰেছে বৃহস্পতিবাৰে গুৱাহাটীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ প্ৰতিবাদস্থলীত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰ সৃষ্টি হয় । যুৱ কংগ্ৰেছৰ সভাপতি অংকিতা দত্ত আৰু আৰক্ষীৰ সংঘাতক লৈ তীব্ৰ চৰ্চা ৷

youth-congress-president-ankita-dutta-detained-over-protest
প্ৰতিবাদস্থলীত আৰক্ষীৰ সৈতে টনা-আজোৰা লাগিল অংকিতা দত্তৰ

By

Published : Jan 27, 2022, 6:49 PM IST

গুৱাহাটী, 27 জানুৱাৰী :সমগ্ৰ ৰাজ্যতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা নগাঁৱৰ প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰাক গুলীওৱা ঘটনাৰ বিৰুদ্ধে কামৰূপ মহানগৰ আৰু কামৰূপ গ্ৰাম্যৰ জিলা যুৱ কংগ্ৰেছে বৃহস্পতিবাৰে গুৱাহাটীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে (Youth congress protest over encounter in Nagaon )। অসম যুৱ কংগ্ৰেছৰ সভাপতি অংকিতা দত্তৰ নেতৃত্বত যুৱ কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলে কংগ্ৰেছৰ ৰাজ্যিক মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনৰ পৰা দিছপুৰলৈ এক প্ৰতিবাদী সমদল উলিওৱাৰ চেষ্টা কৰে ৷

প্ৰতিবাদস্থলীত আৰক্ষীৰ সৈতে টনা-আজোৰা লাগিল অংকিতা দত্তৰ

অৱশ্যে, আধাবাটতে আৰক্ষী আৰু চি আৰ পি এফৰ বৃহৎ বাহিনীয়ে সমদল উলিওৱাত বাধা প্ৰদান কৰে। ইয়াৰ পিছতে, প্ৰতিবাদস্থলীত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰ সৃষ্টি হয় । পিছত যুৱ কংগ্ৰেছৰ সভাপতি অংকিতা দত্ত, কাৰ্যবাহী সভাপতি ৰাতুল পাটোৱাৰী আৰু অসম যুৱ কংগ্ৰেছৰ সম্পাদিকা ছৰিফা বেগম সহ বহু সংখ্যক যুৱ কংগ্ৰেছীক আৰক্ষীয়ে আটক কৰি বশিষ্ঠ আৰক্ষী থানালৈ লৈ যায় ।

প্ৰতিবাদস্থলীত আৰক্ষীৰ সৈতে টনা-আজোৰা লাগিল অংকিতা দত্তৰ

পৰৱৰ্তী সময়ত তেওঁলোকক আৰক্ষীয়ে মুকলি কৰি দিয়ে। উল্লেখ্য যে যোৱা ২৮ জানুৱাৰীত নগাঁৱৰ কচলুখোৱাত সংঘটিত হৈছিল বহু বিতর্কিত এই এনকাউণ্টাৰ (Nagaon police encounter) ৷ আৰক্ষীৰ এক এনকাউণ্টাৰত গুলীবিদ্ধ হৈছিল কীৰ্তিকমল বৰা নামৰ প্ৰাক্তন ছাত্ৰ নেতাগৰাকী (Student Leader Shot by Police in Nagaon) ৷

নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই কীৰ্তিকমল বৰা ড্ৰাগছৰ সৈতে জড়িত আৰু তেওঁ আৰক্ষীক আক্ৰমণ কৰাৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰা বুলি মন্তব্য কৰিছিল । ইতিমধ্যে আৰক্ষীয়ে প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰাক গুলীওৱা ঘটনাৰ তদন্ত আৰম্ভ হৈছে। ৰাজ্য চৰকাৰে গুলীচালনা ঘটনাৰ সন্দৰ্ভত অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰক তদন্তৰ দায়িত্ব অৰ্পণ কৰিছে ।

লগতে পঢ়ক :Nagaon police encounter: 28 জানুৱাৰীত কীৰ্তিকমল এনকাউন্টাৰৰ ৰাজহুৱা শুনানি

For All Latest Updates

ABOUT THE AUTHOR

...view details