গুৱাহাটী, 31 জানুৱাৰীঃশুকুৰবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখ্য কার্যালয় ৰাজীৱ ভৱনৰ পৰা দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এন.এছ.ইউ.আই নেতা জুবেৰ আনমক। দুপৰীয়া প্ৰায় ১ বজাত এন.এছ.ইউ.আইৰ নেতাগৰাকী ৰাজীৱ ভৱনত উপস্থিত থকাৰ খবৰ লাভ কৰি দিছপুৰ আৰক্ষীৰ দল এটাই ৰাজীৱ ভৱনত উপস্থিত হৈ জুবেৰ আনমক গ্ৰেপ্তাৰ কৰে।
CAA আন্দোলনত ৰাজহুৱা সম্পত্তি ধ্বংসকাৰী যুৱ কংগ্ৰেছী নেতা গ্ৰেপ্তাৰ - নাগৰিকত্ব সংশোধনী আইন
এন.এছ.ইউ.আই নেতা জুবেৰ আনমক গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষীৰ ৷ জুবেৰ আনম নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়ত গুৱাহাটীত ৰাজহুৱা সম্পত্তি ধ্বংসৰ অভিযোগত অভিযুক্ত আছিল।
উল্লেখ্য যে জুবেৰ আনম নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়ত গুৱাহাটীত ৰাজহুৱা সম্পত্তি ধ্বংসৰ অভিযোগত অভিযুক্ত আছিল। নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়ত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আচবাব ক্ষতি সাধন কৰাৰ অভিযোগত জুবেৰৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছিল।আনহাতে কিছুদিন পূৰ্বতে অসম যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰীক নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত ৰাজহুৱা সম্পত্তি ধ্বংসৰ অভিযোগ আৰক্ষীয়ে আটক কৰিছিল।
আৰু পঢ়কঃ 1 ফেব্ৰুৱাৰীত ফাঁচী দিয়া নহয় নিৰ্ভয়াকাণ্ডৰ চাৰি অভিযুক্তক