অসম

assam

ETV Bharat / state

চন্দ্ৰপুৰত যুৱকৰ আত্মহত্যা

প্ৰেমজনিত কাৰণতেই আত্মহত্যা কৰাৰ সন্দেহ

By

Published : Mar 4, 2019, 9:32 PM IST

চন্দ্ৰপুৰত যুৱকৰ আত্মহত্যা

গুৱাহাটী, ৪ মাৰ্চ : চন্দ্ৰপুৰ আৰক্ষী চকীৰ অন্তৰ্গত কলংপাৰৰ নিকটৱৰ্তী অঞ্চল কমাৰপুৰত আত্মহত্যাৰ ঘটনা । সোণাপুৰৰে মিটনীৰ বিকাশ ঠাকুৰীয়া নামৰ যুৱকজনক কমাৰপুৰত গছত ওলমি থকা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে । প্ৰেমজনিত কাৰণতেই যুৱকজনে আত্মহত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে সকলোৱে ।

চন্দ্ৰপুৰত যুৱকৰ আত্মহত্যা
ইপিনে মৃত্যুৰ পূৰ্বে যুৱকজনে ফেচবুকত এটা ষ্টেটাচ দি এগৰাকতী যুৱতীৰ সৈতে ৭ বছৰ ভালপোৱাৰ কথা উল্লেখ কৰে কৰাৰ লগতে যুৱতীগৰাকীৰ বাবে আত্মহত্যা কৰিবলগীয়া হৈছে বুলিও উল্লেখ কৰে যুৱকজনে । আনহাতে যুৱতীগৰাকীয়ে যুৱকজনৰ সৈতে থকা সম্পৰ্কৰ কথা উল্লেখ কৰি যুৱকজনে ফেচবুকত যুৱতীগৰাকীৰ কিছু আপত্তিজনক ফটো আপলোড কৰাৰ পাচতে যুৱতীগৰাকীয়ে বিকাশৰ পৰা আতৰি অহা বুলি মত প্ৰকাশ কৰে । চন্দ্ৰপুৰ আৰক্ষীয়ে মৃত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি সম্প্ৰতি অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া ।

ABOUT THE AUTHOR

...view details