গুৱাহাটী, 28 মে': গুৱাহাটীত মহানগৰীত পুনৰ সংঘটিত হল এক চাঞ্চল্যকৰ ঘটনা । নিৰণ টেৰণ নামৰ এজন উদণ্ড যুৱকৰ দাৰ ঘাপত গুৰুতৰ ভাৱে আঘাপ্ৰাপ্ত হ'ল একেটা পৰিয়ালৰ তিনি জনকৈ লোক । শনিবাৰে পুৱাৰ ভাগত মহানগৰীৰ চচল আমতল পথত সংঘটিত হোৱা এই ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ।
দাৰ ঘাপত গুৰুতৰভাবে আহত অৰূপ টেৰণ ওৰফে অংগদ টেৰণ,সমীৰণ টেৰণ আৰু অনিতা টেৰণ বৰ্তমান সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে । ইফালে উদণ্ড যুৱকজনৰ দাৰ ঘাপত সম্পূৰ্ণৰূপে চিগি যায় অনিতা টেৰণৰ এখন হাত ।
জানিব পৰা মতে নিৰণ টেৰণৰ সম্পৰ্কীয় বোৱাৰী অনীতা টেৰণ শনিবাৰে পূৱা প্ৰায় ৯.৩০ মান বজাত ঘৰৰ ওচৰৰ ৰেচন দোকানৰ পৰা সুলভ মূল্যৰ চাউল আনিবলৈ যোৱাৰ সময়ত নিৰণে দাৰে ঘপিয়াই ।