অসম

assam

ETV Bharat / state

যুৱ সাংবাদিক সন্থাৰ প্ৰতিষ্ঠা দিৱস - GUWAHATI

কেইবাগৰাকীও সাংবাদিকক বঁটা প্ৰদান

প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস "যুৱ সাংবাদিক সন্থা অসমৰ"

By

Published : Feb 12, 2019, 6:45 PM IST

গুৱাহাটী, ১২ ফেব্ৰুৱাৰীঃ মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হয় যুৱ সাংবাদিক সন্থা,অসমৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস । পুৱা পতাকা উত্তোলনেৰে অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে সভাপতি চন্দন দাসে ।

প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস "যুৱ সাংবাদিক সন্থা অসমৰ"
প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কেইবাটাও শিতানত প্ৰদান কৰা হয় বঁটা। শ্ৰেষ্ঠ বাতৰি পৰিবেশিকাৰ সন্মান লাভ কৰে ৰশ্মিতা গোস্বামীয়ে আৰু শ্ৰেষ্ঠ বাতৰি পৰিবেশকৰ সন্মান লাভ কৰে মানস প্ৰতিম ডেকাই ।

ইপিনে সংবাদ শিৰোমণি শিতানত তিনিগৰাকীকৈ সাংবাদিকক দিয়া হয় সন্মান । এওঁলোকৰ মাজত আছে কুমুদ দাস, পুলক কুমাৰ ডেকা আৰু দেৱজিৎ তালুকদাৰ । আনহাতে বন্যপ্ৰাণী আৰু পৰিবেশ সংক্ৰান্তীয় বাতৰিৰ বাবে বঁটা লাভ কৰে চিত্ৰ কমল বেজবৰাই । লগতে জ্যেষ্ঠ যুৱ সাংবাদিক সন্মান লাভ কৰিবলৈ সক্ষম হয়প্ৰাঞ্জল প্ৰাণ খাউণ্ডে ।

ABOUT THE AUTHOR

...view details