গুৱাহাটী, ১২ জুন : বিয়াখনৰ বাবে কিমান যে সপোন ৷ হেঁপাহৰ দিনটোৰ বাবে বিয়াৰ দিন বাৰ ঠিক কৰি আহি মাহ হালধি লগোৱা পৰ্বৰ বাবে কইনাৰ ঘৰলৈ যাবলৈ উখল মাখল ঘৰখনত ৷ কিন্তু বিধিৰ লিখন নহয় খণ্ডন ৷ নিষ্ঠুৰ নিয়তিয়ে থানবান কৰি থৈ গ'ল দুখনকৈ ঘৰ ৷
শনিবাৰে সাতগাঁও পথৰ এছ এফ এছ স্কুলৰ সন্মুখত মটৰ চাইকেল আৰু ডাম্পাৰৰ সংঘৰ্ষত থিতাতে মৃত্যু হয় বিজেপি নেতা তথা বিজেপি দিছপুৰ মণ্ডলৰ যুৱ মৰ্চাৰ কোষাধক্ষ্য ধুনুমণি বৰ্মনৰ(31) (Young BJP leader Dhunumani Burman dies)৷ নিশা প্ৰায় ১২ বজাত নিজৰ AS 01 EM 2887 নম্বৰৰ মটৰ চাইকেলেৰে পাথৰ কুৱাৰীৰ পৰা সাতগাঁওস্থিত বাসগৃহলৈ গৈ থকাৰ সময়তে প্ৰচণ্ড গতিবেগেৰে আহি থকা এখন ডাম্পাৰে মটৰ চাইকেলখনত পিছফালৰ পৰা প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে ৷ নাৰেংগীৰ ফালৰ পৰা প্ৰচণ্ড গতিবেগেৰে আহি আছিল ডাম্পাৰখন ৷
ধুনুমণিৰ পিছে পিছে গৈ থকা মোমায়েকে ধুনুমণিক লগে লগে ডাম্পাৰৰ তলৰ পৰা উদ্ধাৰ কৰি জৰুৰীকালীন সেৱা 108 ক মাতে যদিও সময়ত উপস্থিত হ'ব নোৱাৰিলে এম্বুলেঞ্চ ৷ ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ডাম্পাৰখন ৷ ঘটনাস্থলীত সাতগাঁও যান বাহন আৰক্ষী উপস্থিত হৈ যুৱ নেতাজনক গেট হাস্পতাললৈ লৈ গৈছিল যদিও হাস্পতালত মৃত বুলি ঘোষণা কৰে ধুনুমণিক ৷ আৰক্ষীয়ে মৰোণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো GMCH লৈ প্ৰেৰণ কৰে ৷ মাৰণোত্তৰ পৰীক্ষাৰ অন্তত ধুনুমণিৰ মৃতদেহটো আৰক্ষীয়ে পৰিয়ালৰ লোকক গতাই দিয়ে ৷