গুৱাহাটী,14 ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন আন্দোলনৰ এক অন্যতম গুৰি ধৰোতা কৃষক নেতা অখিল গগৈ আজিও কাৰাবন্দী ‘নিয়া’ৰ গোচৰত ৷ গুৱাহাটী কাৰাগাৰত বন্দী হৈ থকা অখিল গগৈক সাক্ষাৎ বিশিষ্ট সমাজকৰ্মী তথা স্বৰাজ অভিযানৰ প্ৰতিষ্ঠাপক সদস্য যোগেন্দ্ৰ যাদৱৰ ৷ যোগেন্দ্ৰ যাদৱৰ লগতে আন এক কৃষক নেতা অভিক সাহাও গুৱাহাটীত উপস্থিত হয় অখিল গগৈক সাক্ষাৎ কৰাৰ বাবে ৷ এই সাক্ষাতত দেশৰ কৃষক আন্দোলনৰ আগশাৰীৰ নেতা দুগৰাকীয়ে বিভিন্ন বিষয় সন্দৰ্ভত অখিল গগৈৰ লগত আলোচনা কৰাৰ কথা ব্যক্ত কৰে ৷
অখিল গগৈক লৈ শংকিত বিজেপিঃ যোগেন্দ্ৰ যাদৱ - নাগৰিকত্ব সংশোধনী আইন
গুৱাহাটী কাৰাগাৰত বন্দী হৈ থকা অখিল গগৈক সাক্ষাৎ বিশিষ্ট সমাজকৰ্মী তথা স্বৰাজ অভিযানৰ প্ৰতিষ্ঠাপক সদস্য যোগেন্দ্ৰ যাদৱৰ ৷ যোগেন্দ্ৰ যাদৱৰ লগতে আন এক কৃষক নেতা অভিক সাহাও গুৱাহাটীত উপস্থিত হয় অখিল গগৈক সাক্ষাৎ কৰাৰ বাবে ৷
দেশৰ জয় কিশান আন্দোলনৰ এক অন্যতম আন্দোলনকাৰী নেতা যোগেন্দ্ৰ যাদৱে অখিল গগৈ ‘নিয়া’ গোচৰত গ্ৰেপ্তাৰ হোৱাটোৱে অখিলক লৈ বিজেপি চৰকাৰে শংকাত ভুগিছে বুলি মন্তব্য প্ৰকাশ কৰে ৷ লগতে তেওঁ কয় যে অখিলৰ লগত সমগ্ৰ দেশৰ নাগৰিকত্ব সংশোধনী আইনবিৰোধী জনতা আছে ৷ কাৰাগাৰৰ ভিতৰৰ পৰা অখিলে যুৱপ্ৰজন্মক আন্দোলনৰ নেতৃত্ব ল'বলৈ আহ্বান জনোৱা বুলিও উল্লেখ কৰে বিশিষ্ট সমাজকৰ্মীগৰাকীয়ে ৷ আনহাতে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ দুই শীৰ্ষ নেতাই অখিল গগৈৰ উপৰিও কাৰাবন্দী হৈ থকা ধৈৰ্য কোঁৱৰ,বিতু সোণোৱাল আৰু মানস কোঁৱৰকো সাক্ষাৎ কৰে ৷
আৰু পঢ়কঃআমি অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰিমঃ ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা