অসম

assam

ETV Bharat / state

উভতি চাওঁ 2023: কোনটো গীতে বেছিকৈ স্পৰ্শ কৰিলে আপোনাক ? - BHOOMI ২০২৩

Assamese Songs of the year 2023: প্ৰতিটো বছৰতে সকলোৱে নানান পৰিকল্পনা আগত লৈ আগবাঢ়ে ৷ কিছু কামত সফল হয়, কিছু কামত বিফলতায়ো দেখা দিয়ে ৷ শিল্পীসকলে নিজৰ সৃষ্টিৰাজি বহু কষ্টৰে অনুৰাগীলৈ বুলি আগবঢ়াই দিয়ে ৷ তাৰে কিছু সকলোৱে আঁকোৱালি আৰু কিছু কমকৈ জনপ্ৰিয় হয় ৷ চাওঁচোন আহক এই বছৰটোত শ্ৰোতাই কোন কেইটা গান বেছিকৈ পছন্দ কৰিলে-

MAJOR ENTERTAINMENTS EVENTS (song)
উভতি চাওঁ 2023

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 10:51 PM IST

নিউজ ডেস্ক, 30 ডিচেম্বৰ : শেষ হওঁ হওঁ বছৰটো ৷ অন্তিমটো মুহূৰ্তত আহি উপনীত হৈছোহি সকলো ৷ মাজত মাথো কেইটামান মুহূৰ্ত ৷ এইখিনিতে এবাৰ মন যায় উভতি যাবলৈ, উভতি চাবলৈ ৷ ভাললগা পুৰণিখিনি আকৌ এবাৰ জীয়াই চাবলৈ ৷ বছৰ এটাই আমাৰ জীৱনলৈ সুখ-দুখৰ সমাহাৰ লৈ আহে ৷ তেনেকৈয়ে চলি আছে জীৱন, চলি গৈ থাকিব ৷ দুখ-বেয়ালগাবোৰ পাহৰি ভাললগা বোৰ বুকুত সামৰি লৈ আগবাঢ়ি গৈ থকাটোৱে আমাৰ কাম ৷ বেয়ালগাবোৰ পিছে আমি দলিয়াই পেলাও বুলি একেবাৰেই দলিয়াই পেলাবও নোৱাৰো, কিন্তু পৰাপক্ষত ধৈৰ্য নেহেৰুৱাই ভুলবোৰৰ পৰা শুধৰণিৰ চেষ্টা আমাৰ সকলোৰে থকা উচিত ৷

এতিয়া পিকনিকৰ বতৰ, ফুৰাৰ বতৰ ৷ পুৰণি বছৰটোক বিদায় দি নতুন বছৰটোক আদৰণি জনোৱাৰ প্ৰচেষ্টাত ব্যস্ত সকলো ৷ চাৰিওফালে নাচ-গান, হৈ-হাল্লাৰ পৰিৱেশ ৷ লগে-ভাগে এসাজ খোৱাৰ হেঁপাহ কৰে এই সময়ছোৱাত সকলোৱে ৷ খোৱাৰ লগতে নাচ-গান-লটাৰীৰে জমি উঠে একো একোটা দিন ৷ সকলোৰে ভাল লগা গীতসমূহত সকলোৱে নাচি-বাগি মতলীয়া হৈ পৰাৰ দৃশ্যই নান্দনিক ৷ ইমান ব্যস্ততাভৰা দিনবোৰৰ মাজত কোনোবাই মন খুলি নচাৰ দৃশ্য সঁচাই আমোদজনক ৷

অ’ ৰ’ব, পিছে কেৱল নচাৰ কথা কৈ থাকিলে হ’ব জানো ? কি গানত নাচিব সেইটোওটো জৰুৰী ৷ বিহুতে বলীয়া অসমীয়াৰ মন ৷ বছৰটোত বিহুৱেই তিনিটা ৷ 365 দিনেই বিহু লাগি থাকে বুলি ক’লেও মিছাকৈ কোৱা নহ’ব ৷ অসমতটো বিয়াবোৰতো বিহুদলৰ আমন্ত্ৰণৰে বিয়াৰ ৰভাতলী বিহুসুৰীয়া হৈ পৰে ৷ পিছে 2023 বৰ্ষটোত সুন্দৰ সুন্দৰ বিহুগীতৰ লগতে আন বহুতো গান জনপ্ৰিয় হ’ল ৷ শ্ৰোতাই আদৰি ল’লে বহু গান ৷

২০২৩ বর্ষত মুক্তি লাভ কৰিলে বহু কেইজন জনপ্ৰিয় কণ্ঠশিল্পীৰ লগতে নৱাগত কণ্ঠশিল্পীসকলৰ বহু কেইটা গীত । গীতসমূহৰ মাজত কিছুমান গান ৰাইজৰ মাজত বিশেষভাৱে জনপ্ৰিয় হৈ পৰা পৰিলক্ষিত হ’ল । আহকচোন এবাৰ চকু ফুৰাই চাওঁ 2023 বৰ্ষটোত চৰ্চা লাভ কৰা বিশেষ কেইটিমান গীত-

‘BHOOMI ২০২৩’ত দক্ষিণ আফ্ৰিকাৰ গায়িকাৰ সৈতে গীত পৰিৱেশন কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই । অসমৰ বিহুৰ সৈতে আফ্ৰিকাৰ গীতৰ সংমিশ্ৰণ ঘটাই শ্ৰোতাক এক নতুনত্বৰ সোৱাদ দিলে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে ৷ অংগৰাগ পাপন মহন্তৰ সৈতে এই বিহুগীতত কণ্ঠদান কৰিলে আফ্ৰিকাৰ জনপ্ৰিয় কণ্ঠশিল্পী নিনিওলায়ে । অসমৰ বাবে গৌৰৱৰ বিষয় যে, নিউয়ৰ্কৰ টাইম স্কোৱাৰত বাজি উঠিল পাপনৰ Afro Assamese Bihu Ibaasi/ Laloi ৷ নাইজেৰিয়ান গায়িকা নিনিওলা আপাতাই কণ্ঠ দিয়া Ibaasi/ Laloi য়ে এতিয়া সমগ্ৰ বিশ্বতে চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে ।

লকডাউনৰ সময়ছোৱাত মৰহি যাব ধৰা মনোৰঞ্জন বিভাগটো পুনৰ যেন ঠন ধৰি উঠিল 2023 চনত ৷ বহুজনৰ সাহস আৰু চেষ্টাৰ বলত বহু কেইখন অসমীয়া বোলছবিৰ লগতে কেবাটাও গীতৰ এলবামে মুক্তি লাভ কৰিলে ৷ ইউটিউবতো মুক্তি দিয়া হ’ল চিনেমা ৷ দৰ্শকে আঁকোৱালি ল’লে, হিট হ’ল বহু গান ৷

2023 বৰ্ষৰ 13 ফেব্ৰুৱাৰীত ইউটিউবত মুক্তি দিয়া 13 Thirteen ছবিখনৰ ‘কেনেকৈ বুজাও’ শীৰ্ষক গীতটিয়ে শ্ৰোতাৰ পৰা যথেষ্ট সমাদৰ লাভ কৰে ৷ গীতটিত কণ্ঠদান কৰিছে তন্ময় শইকীয়া আৰু ধ্ৰুৱ বসুমতাৰীয়ে ৷ গীতটিত বৰ্তমানলৈকে 8.3 মিলিয়ন ভিউজ আছে ৷

আৱাহন থিয়েটাৰৰ ‘যাহ নামাতো তোক’ গীতটিয়ে শ্ৰোতাক দিলে ৰোমাঞ্চৰ এক সুকীয়া আমেজ ৷ অভিজিৎ ভট্টাচাৰ্য আৰু অজয় ফুকনে লিখা গানটোৰ ভিডিঅ’টোত অভিনয় কৰিছেপ্ৰস্তুতি পৰাশৰ আৰু জেফী বাক্সিয়ে ৷ গীতটিত প্ৰাণঢালি কণ্ঠ নিগৰাইছে নীল আকাশ আৰু পাপৰি গগৈয়ে ৷

এই বৰ্ষৰ সফল ছবিৰূপে পৰিগণিত হোৱা ‘শ্ৰী ৰঘুপতি’ ৰ ‘তুমি আৰু মই’ গীতটিয়েও যথেষ্ট সমাদৰ লাভ কৰা পৰিলক্ষিত হৈছে । হাৰ্টথ্ৰব জুবিন গাৰ্গ আৰু কণ্ঠশিল্পী দ্বীপলিনা ডেকাই কন্ঠদান কৰা গীতটি সকলো স্তৰৰে মানুহে শুনিব পৰা এটা ৰোমাণ্টিক গান ৷

এই বৰ্ষৰে মাৰ্চ মাহত মুক্তি পালে নীলাভ নীতাৰ কণ্ঠত ‘লাজে লাজে’ শীৰ্ষক গীতটি ৷ শ্ৰুতিমধুৰ এটি ৰোমাণ্টিক গীত ৷ এতিয়ালৈকে ইউটিউবত 4 মিলিয়নতকৈয়ো অধিক ভিউজ আছে গীতটিত ৷

কণ্ঠশিল্পী পাপৰি গগৈৰ ‘তোৰ হাঁহিতে’ গীতটোৱে ৰাইজৰ মাজত বিশেষভাৱে চর্চা লাভ কৰা পৰিলক্ষিত হয় । দেহত প্ৰাণ সঞ্চাৰ কৰা এটি মিঠাসুৰীয়া গান । প্ৰায় ৮ মাহ পূৰ্বে মুক্তি লাভ কৰা গীতটিত অনুৰাগীয়ে বহু সংখ্যক ৰীলছ বনোৱা পৰিলক্ষিত হয় ।

কণ্ঠশিল্পী ভাস্কৰ অপ্সৱেলৰ ‘হিলৈয়া’ গীতটোও ৰাইজৰ মাজত যথেষ্ট জনপ্ৰিয় হয় । তিৱা আৰু বড়ো লোকসংস্কৃতিৰ সমাহাৰ এই গীতটিৰ কথা সুনীত গগৈৰ ।

জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰৰ ‘দুলহন বনামী’ গীতটিৱেও বৰ্তমান সময়ত বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে । গীতটিত লগতে কণ্ঠদান কৰিছে কিৰণ দাসে ৷ গীতটিৰ লেখা প্ৰথম কুম্ভাৰৰ ৷

দ্বীপান্বিতা ডেকাৰ ‘মৰম লাগি গ’ল’ গীতটিয়ে শ্ৰোতাক যথেষ্ট আমোদ দিবলৈ সক্ষম হয় ৷ বিহুসুৰীয়া এই গীতটিত দ্বীপান্বিতা ডেকাৰ লগতে অভিনয় কৰিছে ছ’চিয়েল মিডিয়া ইনফ্লুয়েঞ্চাৰ, অভিনেতা বংকিম শইকীয়াই ৷

বিগ বাজেটৰ ছবি ডাঃ বেজবৰুৱা‘মইনা কোন বিধাতা’ ই শীৰ্ষক গীতটোৱেও যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হয় ৷ ছবিখনে মুক্তিৰ পূৰ্বেই বহুত সমালোচনাৰ সন্মুখীন হয় যদিও চলচ্চিত্ৰ প্ৰেমী ৰাইজে আঁকোৱালি লয় ছবিখন ৷

২০২৩ বর্ষত মুক্তি লাভ কৰা অসমীয়া ছবি ‘ডাঃ বেজবৰুৱা ২’, ‘ৰঘুপতি’, ‘ৰাঘৱ’ৰ গীতসমূহ ৰাইজৰ মাজত বিশেষভাৱে জনপ্ৰিয় হৈ পৰা পৰিলক্ষিত হয় । কণ্ঠশিল্পী তৰালী শৰ্মা, দ্বীপলিনা ডেকা, সুবাসনা দত্ত, ময়ুৰী দত্ত, আচুৰ্য্য বৰপাত্ৰ, ৰাকেশ ৰিয়ান, মণ্টুমণি আদিকে ধৰি বহুকেইগৰাকী ন-পুৰণি কণ্ঠশিল্পীৰ গীতে এইবর্ষত মুক্তি লাভ কৰে । ইয়াৰে বহু কেইটা গীতে সামাজিক মাধ্যমত বিশেষভাৱে চর্চা লাভ কৰাও দেখিবলৈ পোৱা যায় । বিশেষকৈ কিছুমান গীতত অকল্পনীয়ভাৱে অনুৰাগীয়ে ৰীলছ বনালে এই বছৰটোত ৷

বছৰৰ শেষত বকুল প্ৰডাকচনৰ দ্বাৰা নিবেদিত এটি গীত ‘হায়ৰে মানৱ’ গীতটিত অভিনয় কৰা দেখা গ’ল ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰপাক বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামীৰ লগতে অভিনেতা হিৰণ্য ডেকা আৰু অসীম কৃষ্ণ বৰুৱাক । গীতটিত কণ্ঠদান কৰিছে কণ্ঠশিল্পী কুইন তালুকদাৰ বৈশ্য আৰু কৌস্তভ বসন্ত আৰ্যই ।

এই বৰ্ষতে বহু আৰ্টিষ্টে ক’লাব কৰিও শ্ৰোতাক মুগ্ধ কৰি ৰাখে ৷ যুৱ প্ৰজন্মৰ জনপ্ৰিয় গায়ক সান্নিধ্য ভূঞাআৰু হাৰ্টথ্ৰব জুবিনৰ‘নিশিগন্ধা’ মুক্তিৰ পিচতে সাংঘাতিক ধৰণে ভাইৰেল হৈ পৰে ৷ শ্ৰোতাই বাৰুকৈয়ে পছন্দ কৰিলে এই ক’লাব ৷ সংগীতপ্ৰেমী হিচাপে তেনেকুৱা ক’লাব প্ৰতিজনেই নিশ্চয়কৈ আগলৈয়ো আশা কৰে ৷

এতিয়া ছ’চিয়েল মিডিয়াৰ যুগ ৷ মাথো ছেকেণ্ডৰ পাৰ্থক্য ৷ সামাজিক মাধ্যমত কিবা এটা ভাইৰেল হ’বলৈ বেছিপৰ নালাগে ৷ সেইকাৰণে নতুন সৃষ্টিৰ ক্ষেত্ৰত প্ৰতিজনেই সাৱধান হোৱা উচিত ৷ সৃষ্টিকৰ্তাৰ লগতে কিন্তু ইউজাৰসকলৰো কৰণীয় যথেষ্ট আছে ৷ সস্তীয়া বেপাৰত নামি পৰা প্ৰতিজনেই কিন্তু সমাজৰ বাবে বিষবাষ্প ৷ সি লাগিলে যিয়েই নওহক কিয় সংগীতশিল্পী, নৃত্যশিল্পী, চিত্ৰনিৰ্মাতা, চিত্ৰশিল্পী, চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানৰ কৰ্মকৰ্তাৰ পৰা আৰম্ভ কৰি সৰু-বৰ কাম কৰা প্ৰতিজন ব্যক্তি ৷

২০২৩ বর্ষত যেনেদৰে অসমীয়া সংগীত জগতৰ বাবে বহুকেইটা ভাল খবৰ আহিল তেনেদৰে বহুকেইটা বেয়া খবৰেও জোকাৰি গ’ল । ২০২৩ বর্ষত নব্বৈৰ দশকৰ সংগীত জগতৰ ‘লিজেণ্ড অৱ নাইন্টি’ৰ বিশিষ্ট কণ্ঠশিল্পী অৰুণ দাসৰ দেহাৱসান ঘটে। ‘তুমি জানো জানা সোণ কিমান মৰম তোমালৈ সাঁচিছিলো গোপনে গোপনে’, ‘নালাগে মৰম’, ‘ভুল নুবুজিবা’, ‘মনৰ যাতনা তুমি নুবুজা’, ‘অকলে অকলে মই কিমান কান্দিম’, 'তোমাৰ মাত শুনি', 'এই অমানিশা' আদিকে ধৰি অলেখ গীতৰ স্ৰষ্টা আছিল শিল্পীগৰাকী । শিল্পীগৰাকীৰ বিয়োগে অসমীয়া সংগীত জগতৰ এক বৃহৎ ক্ষতিসাধন কৰে ।

লগতে পঢ়ক :আশাৰ খবৰ: দৰ্শক পুনৰ উভতিছে ছবিগৃহলৈ

ABOUT THE AUTHOR

...view details