অসম

assam

By

Published : Aug 12, 2023, 5:23 PM IST

ETV Bharat / state

Yarn Bank for Weavers: সূতা বেংকত শূন্য সূতা ! শিপিনীসকলক স্বনিৰ্ভৰশীল কৰাৰ নামত প্ৰৱঞ্চনা চৰকাৰৰ

ৰাজ্যৰ ৩২টা সূতা বেংকত নাই সূতা । শিপিনীসকলক স্বনিৰ্ভৰশীল কৰাৰ নামত প্ৰৱঞ্চনা । সূতাৰ অভাৱত উৎপাদন কৰিব পৰা নাই শিপিনীসকলে । ‘স্বনিৰ্ভৰ নাৰী’ আঁচনি কাৰ্যতঃ প্ৰসহনত পৰিণত । সূতাৰ অভাৱত অধিক সংখ্যক শিপিনীয়ে জাতীয় সাজ-পাৰ তৈয়াৰ কৰাত ব্যৰ্থ হৈছে । স্ব-নিৰ্ভৰ নাৰী আঁচনিখনৰ অধীনত প্ৰথম পৰ্যায়ত ৪.৮০ লাখ শিপিনীৰ নাম পঞ্জীয়ন ।

Yarn Bank for Weavers
Yarn Bank for Weavers

গুৱাহাটী, ১২ আগষ্ট: ৰ‍াজ্যৰ গ্ৰাম্য অৰ্থনীতিত হস্ততাঁত আৰু বস্ত্রশিল্পৰ বিশেষ ভূমিকা থকাৰ পাচতো এই ক্ষেত্রখনক চৰকাৰে উপেক্ষা কৰি আহিছে । ৰাজ্যৰ লাখ লাখ শিপিনীয়ে তাঁতশালৰ যোগেদিয়েই জীৱনৰ সপোন ৰচিবলৈ সক্ষম হৈছে । কিন্তু এই শিপিনীসকলৰ উত্তৰণৰ বাবে চৰকাৰখনে বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাই ।

ভোটৰ অংকত কেৱল হিতাধিকাৰী সৃষ্টিত বিশেষ গুৰুত্ব দিয়া বিজেপি চৰকাৰে কৰ্মসংস্কৃতি গঢ়াৰ দিশত উদঙনি যোগোৱা নাই । ৰাজ্যৰ লাখ লাখ শিপিনীক উদগনি যোগোৱাৰ বিপৰীতে চৰকাৰে বঞ্চনা কৰাহে পৰিলক্ষিত হৈছে । চৰকাৰখনে শিপিনীসকলৰ স্বাৰ্থ জড়িত হৈ থকা সূতা বেংকসমূহ টনকিয়াল কৰি ৰখাৰ বিপৰীতে হিতাধিকাৰী সৃষ্টি কৰা আঁচনি গ্ৰহণতহে অধিক গুৰুত্ব দিছে ।

উল্লেখ্য যে ৰাজ্যখনৰ শিপিনীসকলক স্ব-নিৰ্ভৰ কৰি তুলিবলৈ বিজেপি নেতৃত্বাধীন চৰকাৰে জিলাই জিলাই সূতা বেংক স্থাপন কৰিছিল । মুঠ ৩৩টা সূতা বেংক স্থাপন কৰি শিপিনীসকলক স্বাৱলম্বী কৰাৰ প্রতিশ্রুতি দিছিল । সূতা বেংক স্থাপন কৰা হ'ল যদিও সূতা কিন্তু কোনো এটা বেংকতে পাবলৈ নাই ।

জানিব পৰা মতে, জালুকবাৰী সমষ্টিৰ অন্তৰ্গত শুৱালকুছিৰ পাট মুগা শিল্পৰ শিপিনীসকলক সহায় কৰিবলৈ কেৱল পাট-মুগা সূতা যোগান ধৰি থকা হৈছে । কিন্তু ইয়াৰ বাহিৰে ৰাজ্যখনৰ আন জিলাসমূহত থকা সূতা বেংকসমূহত কটন সূতা যোগান ধৰাৰ প্ৰতিশ্ৰুতি আছিল । কিন্তু বৰ্ত্তমান সময়ত এই সূতা বেংকসমূহ সূতাহীন হৈ পৰি আছে ।

লক্ষণীয় বিষয় যে শিপিনীসকলক জাতীয় বস্তু তৈয়াৰ কৰাৰ বাবে 'স্ব-নিৰ্ভৰ নাৰী' নামৰ এখন নতুন আঁচনিও চৰকাৰে গ্ৰহণ কৰিছে । কিন্তু তাৰ পাচতো শূন্য কৰি ৰখা হৈছে সূতা বেংকসমূহ । যাৰ ফলত কপাহী বা কটন সূতাৰ বাবে শিপিনীসকলে মুকলি বজাৰৰ ওপৰত নিৰ্ভৰশীল হৈ অধিক মূল্যত ক্ৰয় কৰিবলগীয়া হৈছে ।

ইফালে, সূতা বেংকত সূতা উপলব্ধ নোহোৱাৰ পৰিপ্ৰেক্ষিতত জাতীয় পোছাক তৈয়াৰ কৰাৰ ক্ষেত্ৰত আশা কৰা ধৰণে শিপিনীসকল কাম কৰিব পৰা নাই । বহিঃৰাজ্যৰ পৰা আমদানি কৰা গামোচাৰ বিক্ৰী নিষিদ্ধ কৰি চৰকাৰে থলুৱা শিপিনীৰ দ্বাৰা তাঁতত গামোচা বোৱাৰ সিদ্ধান্ত লৈছিল । ইয়াৰ বাবে ৰাজ্য চৰকাৰে স্ব-নিৰ্ভৰ নাৰী নামৰ ধ্বজাবাহী আঁচনিখন গ্ৰহণ কৰিছিল ।

এই আঁচনিখন ২০২১-২২ বৰ্ষৰ বাজেট ঘোষণা আছিল । এই বাজেট ঘোষণা অনুসৰি ২০২২-২৩ বৰ্ষত আঁচনিখনৰ অধীনত প্ৰথমবাৰৰ বাবে শিপিনীৰ নাম পঞ্জীয়ন কৰিছিল । প্রথম পর্যায়ত ৪.৮০ লাখ শিপিনীয়ে নাম পঞ্জীয়ন কৰিছিল আৰু এইসকল শিপিনীৰ তাঁতত বোৱা সামগ্ৰী হস্ততাঁত আৰু বস্তু শিল্প বিভাগৰ জৰিয়তে ক্ৰয় কৰি অসম কিনা-বেচা নিগম আৰু আৰ্টফেডৰ জৰিয়তে বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে ।

লক্ষণীয় বিষয় যে ৪.৮০ লাখ শিপিনীৰ নাম পঞ্জীয়ন কৰা হৈছিল যদিও এই শিপিনীসকলৰ দ্বাৰা উৎপাদিত মাত্র ১.৯৬ লাখ পৰম্পৰাগত জাতীয় বস্তুহে চৰকাৰে ক্ৰয় কৰিবলৈ সক্ষম হৈছে । অর্থাৎ নাম পঞ্জীয়ন কৰা শিপিনী অনুপাতে উৎপাদিত বস্তুৰ সংখ্যা অতি কম । ইয়াৰ পৰাই এটা কথা স্পষ্ট যে সূতাৰ অভাৱত অধিকসংখ্যক শিপিনীয়ে জাতীয় সাজ-পাৰ তৈয়াৰ কৰাত ব্যৰ্থ হৈছে ।

ইফালে সূতা বেংকসমূহ সূতাশূন্য কৰি ৰখাৰ সময়ত চৰকাৰে স্ব-নিৰ্ভৰ নাৰী আঁচনিখনৰ অধীনত দ্বিতীয় পৰ্যায়ত শিপিনীৰ নাম পঞ্জীয়ন কৰিছে । আন্তঃগাঠনি তথা প্ৰয়োজনীয় সা-সুবিধা অবিহনে স্ব-নিৰ্ভৰ নাৰী আঁচনিখনে প্ৰকৃতাৰ্থত শিপিনীসকল উপকৃত কৰিব নোৱাৰিব সেই কথা নিশ্চিত ।

লগতে পঢ়ক:Constituency Delimitation: চৰকাৰৰ অধিকাংশ পৰামৰ্শ মানি আয়োগে প্ৰকাশ কৰিলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা

ABOUT THE AUTHOR

...view details