গুৱাহাটী, 8 ফেব্ৰুৱাৰী : ৱাই ২০ এংগেজমেণ্ট গ্ৰুপৰ তিনিদিনীয়া প্ৰাৰম্ভিক বৈঠকৰ বুধবাৰে গুৱাহাটীত সামৰণি পৰে ৷ উল্লেখ্য যে ভাৰতৰ জি-২০ অধ্যক্ষতাৰ অংশ হিচাবে ৱাই-২০ গোটৰ প্ৰথম আৰম্ভণি বৈঠক 6 ফেব্ৰুৱাৰীৰ পৰা ৮ তাৰিখলৈ গুৱাহাটীত অনুষ্ঠিত হৈছিল (Y20 Summit in Guwahati)৷ ৱাই-২০ গোটৰ প্ৰথম আৰম্ভণি বৈঠকৰ প্ৰথমখন সন্মিলন গুৱাহাটী ৰেডিশ্বন ব্লু’ত আৰু দ্বিতীয় আৰু তৃতীয় সন্মিলন গুৱাহাটী আই আই টিত অনুষ্ঠিত হয় ।
সন্মিলনত দেশৰ যুৱসমাজৰ উন্নত ভৱিষ্যতৰ বিষয়ে আলোচনা কৰা হয় ৷ ৱাই-২০ পাঁচটা চিহ্নিত বিষয়ৰ ওপৰত গ্ৰহণ কৰিবলগীয়া বিভিন্ন পদক্ষেপৰ কাৰ্যসূচী প্ৰস্তুত কৰা হয় । বুধবাৰে গুৱাহাটী আই আই টিত অনুষ্ঠিত ৱাই-২০ গোটৰ প্ৰথম আৰম্ভণি বৈঠকৰ তৃতীয়খন সন্মিলনত ৱাই-২০ৰ পাঁচটা বিষয় সম্বলিত এখন শ্বেতপত্ৰ কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে মুকলি কৰে ।
অনুষ্ঠানত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Education Minister Ranoj Pegu) পাঁচটা বিষয়ৰ ওপৰত গৱেষণা পত্র উপস্থাপন কৰে গৱেষণাপত্ৰৰ বিষয়বস্তুসমূহ হ'ল - কৰ্ম ভৱিষ্যত: উদ্যোগ ৪.০, উদ্ভাৱন আৰু একবিংশ শতিকা; জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগৰ বিপদাশংকা হ্ৰাস : জীৱনৰ উপায় হিচাপে বহনক্ষমতা প্ৰস্তুত কৰা; শান্তি স্থাপন আৰু মীমাংসা: যুদ্ধবিহীন যুগৰ সূচনা; অংশীদাৰী ভৱিষ্যত: গণতন্ত্ৰ আৰু শাসনত যুৱসমাজ; স্বাস্থ্য, কল্যাণ আৰু ক্ৰীড়া: যুৱসকলৰ বাবে কাৰ্যসূচী ।
অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে (Union Minister Anurag Singh Thakur) কয় যে এই পাঁচটা বিষয়ে যুৱপ্ৰজন্মৰ বাবে জি-২০ৰ উন্নয়ণমূলক কাৰ্যসূচীৰ প্ৰস্তুত, অৱদান আৰু সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰত সহায় কৰিব । তেওঁ কয় যে এই তিনিদিনীয়াকৈ অনুষ্ঠিত সন্মিলনত মানৱ জাতিয়ে সন্মুখীন হৈ অহা কেইটামান অতি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোকপাত কৰা হৈছে ।