অসম

assam

Y20 in Guwahati: গুৱাহাটীত Y20ৰ আৰম্ভণি বৈঠকৰ শুভাৰম্ভ

গুৱাহাটীত সোমবাৰে অনুষ্ঠিত হয় জি20 ৰ অধীনত প্ৰথম ইয়ুথ 20 (Y20) ৰ আৰম্ভণি বৈঠক ৷ উল্লেখ্য যে, অহা আগষ্টত অনুষ্ঠিত হবলগীয়া চূড়ান্ত Y20 সন্মিলনৰ পূৰ্বলৈকে সমগ্ৰ দেশতে অনুষ্ঠিত হ'বলগীয়া 17 খন বৈঠকৰ এয়াই হৈছে প্ৰথমখন বৈঠক ৷ সোমবাৰৰ বৈঠকত Y20ৰ বিষয়বস্তু সম্পৰ্কে আলোকপাত কৰে যুৱ পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব মীতা ৰাজীৱলোচনে ৷

By

Published : Feb 6, 2023, 8:03 PM IST

Published : Feb 6, 2023, 8:03 PM IST

Y20 in Guwahati
গুৱাহাটীত Y20ৰ আৰম্ভণি বৈঠকৰ শুভাৰম্ভ

গুৱাহাটী, 6 ফেব্ৰুৱাৰী: জি20 ৰ অধীনত প্ৰথম ইয়ুথ 20 (Youth 20)ৰ আৰম্ভণি বৈঠক সোমবাৰে গুৱাহাটীৰ ৰেডিশ্বন ব্লু হোটেলত শুভাৰম্ভ হয় (Y20 Inception Meeting) । এই বৈঠক সন্দৰ্ভত সোমাবাৰে সংবাদমাধ্যমক সম্বোধন কৰি যুৱ পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব মীতা ৰাজীৱলোচনে (Meeta Rajivlochan) কয় যে, Y20 য়ে যুৱক-যুৱতীসকলকৰ মাজত বৌদ্ধিক সম্পৰ্ক গঢ়ি তুলিব । লগতে উন্নত ভৱিষ্যতৰ প্ৰতি সঠিক দিকনিৰ্দেশনা দিব ।

লগতে, মীতা ৰাজীৱলোচনে এই তিনিদিনীয়া কাৰ্যসূচীত আলোচনা হ'বলগীয়া Y20 ৰ পাঁচটা বিষয়বস্তু সন্দৰ্ভত আলোকপাত কৰে । তেওঁ আলোকপাত কৰা Y20 ৰ পাঁচটা বিষয়বস্তু হ’ল, উদ্ভাৱন আৰু একবিংশ শতিকা; জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগৰ বিপদাশংকা হ্ৰাসঃ বহনক্ষমতাক জীৱনৰ পন্থা হিচাপে অৱলম্বন; শান্তি স্থাপন আৰু সমন্বয়, যুদ্ধ বিহীন এটা যুগৰ সূচনা; সহভাজিত ভৱিষ্যৎঃ গণতন্ত্ৰ আৰু শাসন ব্যৱস্থাত যুৱক-যুৱতী; স্বাস্থ্য, কল্যাণ আৰু ক্ৰীড়াঃ যুৱক-যুৱতীসকলৰ বাবে অন্যতম এজেণ্ডা(Y20 summit in Guwahati) ।

ৰেডিশ্বন ব্লু হোটেলত Y20ৰ আৰম্ভণি বৈঠক

তেওঁ কয় যে, এই প্ৰতিটো বিষয়বস্তু দেশখনৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণৰ লগত সংপৃক্ত । বিষয়বস্তুসমূহৰ সন্দৰ্ভত প্ৰতিখন দেশৰ নিজস্ব দৃষ্টিভংগী আছে আৰু এই ধৰণৰ বৈঠকে দেশজুৰি বিভিন্ন পৰামৰ্শ গ্ৰহণত সহায় কৰিব ৷ মঙলবাৰে আইআইটি, গুৱাহাটীত (IIT Guwahati) অনুষ্ঠিত হ’বলগীয়া পেনেল আলোচনা সম্পৰ্কে ব্যক্ত কৰি তেওঁ কয় যে, ইয়াত বিশিষ্ট বক্তাসকলে আন বিষয়ৰ লগতে উত্তৰ-পূবৰ প্ৰেক্ষাপটত অতি প্ৰাসংগিক বিষয় ‘শান্তি স্থাপন আৰু সমন্বয়’ সন্দৰ্ভত আলোচনা কৰিব (Discussion topics of Y20 in Guwahati) ।

উত্তৰ-পূৰ্বাঞ্চলত বিদ্ৰোহৰ ইতিহাস (Insurgency in North east) থকাৰ পৰিপ্ৰেক্ষিতত এই বিষয়টো অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ বাবে অতিশয় প্ৰাসংগিক হৈ উঠিব বুলিও তেওঁ উল্লেখ কৰে ৷ পেনেল আলোচনাত আলফা (ULFA) আৰু এনডিএফবিৰ (NDFB) দুজন আত্মসমর্পণকাৰীয়েও অংশগ্ৰহণ কৰিব । সংবাদমেলত ৰাজীৱলোচনে লগতে জনায় যে, 8 ফেব্ৰুৱাৰীত Y20 ৰ প্ৰতিনিধিসকলৰ সৈতে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী অনুৰাগ সিং ঠাকুৰে ‘ইয়ুথ ডায়লগ’ত ভাগ লৈ ভিন্ন বিষয়বস্তু সন্দৰ্ভত শ্বেতপত্ৰ উন্মোচন কৰিব ।

গুৱাহাটীত Y20ৰ আৰম্ভণি বৈঠকৰ শুভাৰম্ভ

সংবাদমেলত অংশগ্ৰহণ কৰি অসম চৰকাৰৰ প্ৰধান সচিব কল্যাণ চক্ৰৱৰ্তীয়ে (Kalyan Chakravarthy) জনায় যে, যুৱ পৰিক্ৰমা মন্ত্ৰালয়ৰ লগতে ৰাজ্য চৰকাৰে যুৱক-যুৱতীসকলক Y20 সম্পৰ্কে সজাগ কৰি তেওঁলোকক ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰক্ৰিয়াত জড়িত কৰিবলৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে । Y20 ৰ 5 টা বিষয়বস্তু সন্দৰ্ভত আয়োজিত আলোচনাচক্ৰ, বিতর্ক, কর্মশালা, কুইজ প্ৰতিযোগিতাত অসমৰ প্ৰায় 36 খন শিক্ষানুষ্ঠানে অংশগ্ৰহণ কৰে বুলিও তেখেতে উল্লেখ কৰে । তেওঁ লগতে Y20 ৰ কাৰ্যক্ৰমনিকাসমূহত প্ৰায় 4000 বিদ্যালয়ে অংশগ্ৰহণ কৰে বুলি অৱগত কৰে ।

সংবাদমেলত আইআইটি, গুৱাহাটীৰ (IIT Guwahati) সঞ্চালক প্ৰফেছৰ পৰমেশ্বৰ কে আয়েৰে কয় যে, আইআইটি, গুৱাহাটীত Y20 কাৰ্য্যসূচীৰ কাৰিকৰী অধিৱেশন আৰু আলোচনা অনুষ্ঠিত কৰিবলৈ পোৱাটো গৌৰৱৰ কথা ৷ বৈঠকত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(CM Himanta Biswa Sarma) অসমৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষাবিদসকলৰ গৱেষণা পত্ৰ উপস্থাপন কৰিব ৷

আইআইটি, গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া কাৰিকৰী অধিৱেশন আৰু আলোচনাত ভাগ ল’বলগীয়া বিশিষ্ট বক্তাসকলৰ ভিতৰত আছে জেনেৰেল ভিকে সিং, জিপি সিং, তেজস্বী সূৰ্য ৷ ইয়াৰোপৰি ব্ৰহ্মপুত্ৰৰ বালিচৰত Y20 ৰ প্ৰতিনিধিসকলৰ অৰ্থে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে । উল্লেখ্য যে, অহা আগষ্টত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত ইয়ুথ20 সন্মিলনৰ পূৰ্বলৈকে সমগ্ৰ দেশতে অনুষ্ঠিত হ'বলগীয়া 17 খন বৈঠকৰ এয়াই হৈছে প্ৰথমখন বৈঠক ৷

লগতে পঢ়ক:G20 Summit Explained: কি এই G20 সন্মিলন ?

ABOUT THE AUTHOR

...view details