গুৱাহাটী, ৩০ জুলাই:কৰ'ণা সন্ত্ৰাসৰ মাজতে আহিছে পবিত্ৰ ঈদ । ১ আগষ্টত পালিত হ'ব ঈদ-উজ-জোহা । সমাগত ঈদৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ গৃহ বিভাগে দিছপুৰৰ পৰা প্ৰতিখন জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সকললৈ প্ৰেৰণ কৰিছে নিৰাপত্তাজনিত জৰুৰী বাৰ্তা । গৃহ বিভাগৰ আয়ুক্ত সচিব এম এছ মণিভন্ননে প্ৰেৰণ কৰা এই বাৰ্তাত ঈদৰ সময়ত পালন কৰিবলগীয়া কেতবোৰ বিশেষ নীতি নিয়ম নিৰ্ধাৰণ কৰি দিছে ।
ঈদৰ বাবে সকলো জিলালৈ গৃহ বিভাগৰ জৰুৰী বাৰ্তা - wt message to all district administration by home home ministry
আগন্তুক ঈদৰ প্ৰাকমূহুৰ্তত ৰাজ্যৰ গৃহ বিভাগে প্ৰতিখন জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সকললৈ প্ৰেৰণ কৰিছে নিৰাপত্তাজনিত জৰুৰী বাৰ্তা ৷ ঈদৰ দিনা ঈদগাহ বা মছজিদত চাৰিজনতকৈ অধিক লোক নামাজৰ বাবে সমবেত হ'ব নোৱাৰিব ।
![ঈদৰ বাবে সকলো জিলালৈ গৃহ বিভাগৰ জৰুৰী বাৰ্তা গৃহ বিভাগৰ জৰুৰী বাৰ্তা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8230235-thumbnail-3x2-kk.jpg)
গৃহ বিভাগৰ জৰুৰী বাৰ্তা
সেই অনুসৰি নিৰ্দেশটোত কোৱা হৈছে যে ঈদগাহ বা মছজিদত ঈদৰ দিনা চাৰিজনতকৈ অধিক লোক নামাজৰ বাবে সমবেত হ'ব নোৱাৰিব । তেনেদৰে, ইয়াক কেন্দ্ৰ কৰি যাতে সামাজিক মাধ্যম যোগে কোনো অপশক্তিয়ে কোনোধৰণৰ অশান্তি বিয়পাব নোৱাৰে তাৰ প্ৰতি চোকা নজৰ ৰাখিবলৈ নিৰ্দেশটোত কোৱা হৈছে ।শান্তি শৃংখলা বিঘ্নিত কৰিব পৰা কোনো কাৰ্য যাতে এই সময়চোৱাত কোনেও কৰিব নোৱাৰে তাৰ প্ৰতিও চকু ৰাখিবলৈ কোৱা হৈছে নিৰ্দেশটোত ।
লগতে পঢ়ক:গোৱালপাৰাত ৰাজহুৱা অনুষ্ঠান উদ্বোধন