অসম

assam

ETV Bharat / state

Novel released in Guwahati : ব্যতিক্ৰমৰ উদ্যোগত কমলিকা মজুমদাৰৰ “হেইৰ আই এম" শীৰ্ষক উপন্যাস উন্মোচন

উন্মোচন কৰা হ’ল কমলিকা মজুমদাৰৰ “হেইৰ আই এম" শীৰ্ষক উপন্যাস ৷ ব্যতিক্ৰমৰ উদ্যোগত উন্মোচিত এই উপন্যাখনৰ উন্মোচন অনুষ্ঠানত উপস্থিত থাকে ৰবীন্দ্ৰ বিশেষজ্ঞ ঊষাৰঞ্জন ভট্টাচার্য, লেখক নিলোৎপল গোহাঁই, লেখক অন্তৰ আক্ৰেয়াৰ লগতে ব্যতিক্ৰম গোষ্ঠীৰ প্ৰতিষ্ঠাপক ড৹ সৌমেন ভাৰতীয়া ।

By

Published : Aug 6, 2023, 10:06 AM IST

Heir I Am novel
উন্মোচন হ’ল হেইৰ আই এম শীৰ্ষক উপন্যাস

উন্মোচন হ’ল হেইৰ আই এম শীৰ্ষক উপন্যাস

গুৱাহাটী, 6 আগষ্ট :শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচিত হয় ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ তথা লেখিকা কমলিকা মজুমদাৰ এক নৱ সৃষ্টি "হেইৰ আই এম" নামৰ এখন ৰহস্যময় উপন্যাস । ত্ৰিশৰ দশকৰ মাজভাগত এজন শিশুৰ জীৱন সংগ্ৰামৰ কাহিনী এটা নৱৰূপ দিয়াৰ মানসেৰে লিখিত ৰূপত প্ৰকাশ কৰা উপন্যাস খনৰ উন্মোচনী সভাত উপস্থিত থাকে ৰবীন্দ্ৰ বিশেষজ্ঞ ঊষাৰঞ্জন ভট্টাচার্য, লেখক নিলোৎপল গোহাঁই, লেখক অন্তৰ আক্ৰেয়াৰ লগতে ব্যতিক্ৰম গোষ্ঠীৰ প্ৰতিষ্ঠাপক ড৹ সৌমেন ভাৰতীয়া ।

এই অনুষ্ঠানৰ আৰম্ভণিতে স্বৰলিপিৰ শিল্পীসকলে ভূপেন্দ্ৰ সংগীতৰ দ্বাৰা অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে । আৰম্ভণি ভাষণত ব্যতিক্ৰম গোষ্ঠীৰ প্ৰতিষ্ঠাপক ড৹ সৌমেন ভাৰতীয়াই কয়, “বর্তমান সময়ত নতুন প্ৰজন্মৰ কিতাপৰ প্ৰতি হাবিয়াস প্ৰায় নোহোৱা হৈছে ৷ কিন্তু আমি সদায়ে চেষ্টা কৰো যে লেখক আৰু পাঠকৰ সম্পৰ্কটো আগৰ দৰে ঘূৰি আহক আৰু সেই বাবে আমি আমাৰ প্ৰকাশনৰ পৰা আকৰ্ষণীয় কিতাপ পাঠকৰ মাজলৈ আগবঢ়ায় দিওঁ’’ ।

গ্ৰন্থ উন্মচন কৰি ৰবীন্দ্ৰ বিশেষজ্ঞ ঊষাৰঞ্জন ভট্টাচাৰ্যই কয়, “কমলিকাৰ এইখন প্ৰথম উপন্যাস, তেওঁ পেছাত এগৰাকী অভিযন্তা ৷ ইমান ব্যস্ততাৰ মাজতো আমাক এনে আকর্ষণীয় উপন্যাস উপহাৰ দিয়াৰ বাবে ধন্যবাদ । ম‍ই বিচাৰিছো যে ব্যস্ততাৰ মাজত যাতে কমলিকাই এই চর্চা অব্যাহত ৰাখে’’ ।

উপন্যাসখনৰ লেখিকা কমলিকা মজুমদাৰে কয়, “বহু দিনৰ পৰা মোৰ মনৰ মাজত সংগ্ৰাম কৰি থকা এটা শিশুৰ চৰিত্ৰই বৰকৈ আমনি দি আছিল আৰু সেই চৰিত্ৰটোয়ে আজি মই মোৰ কলমৰ ভাষাৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছো ৷ এইখন মোৰ জীৱনৰ প্ৰথম উপন্যাস আৰু মই আশাবাদী যে ৰাইজে আঁকোৱালি ল’ব’’ ।

লেখক নিলোৎপল গোহাঁই কয়, “কমলিকা মূলতে কবি । তেওঁ পূৰ্বেও দুখনকৈ বঙালি কাব্যগ্ৰন্থ প্ৰকাশিত হৈছে আৰু বৰ্তমান তেওঁ ইংৰাজী ভাষাত উপন্যাস ৰচনা কৰি গোটেই বিশ্বৰ লগতে এটা যোগসূত্ৰ স্থাপন কৰিছে’’ । উল্লেখ্য যে, এই অনুষ্ঠানটিৰ শেষত নৃত্য পৰিৱেশন কৰে নৃত্যশিল্পী শুভাংগী গোস্বামীয়ে । এই উপন্যাসখন এমাজন আৰু দ্য এলক'ভ পাব্লিচাৰ্ছৰ লগতে আন বহু কেইটা অনলাইনৰ ৱেবছাইটতো উপলব্ধ ।

লগতে পঢ়ক :Giridih bus accident : গিৰিডিহৰ বাছ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details