গুৱাহাটী, 9 জুলাই :মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা (Worrying increase in suicides in Guwahati) । তাক লৈ উদ্বিগ্ন হৈ পৰিছে মহানগৰ আৰক্ষী তথা প্ৰশাসন । শনিবাৰে মহানগৰীৰ অপৰাধ অনুসন্ধান শাখাত এই বিষয় সন্দৰ্ভত মহানগৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই আয়োজন কৰে এক সংবাদমেলৰ ৷
এই সংবাদমেলযোগে তেওঁ কয়, ‘‘মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা (Suicide case increased in Guwahati) । যিসকলে মানসিক পৰিস্থিতি হেৰুৱাই আত্মহত্যাৰ পথ বাছি ল’ব লগা হৈছে । সেইসকলৰ বাবে আমি কি কৰিব পাৰো, তাক লৈ চিন্তা চৰ্চা কৰিছো । পূৰ্বতকৈ এনে ঘটনাৰ সংখ্যা বৃদ্ধি হৈছে’’ (Guwahati has become capital of suicides) ।
লগতে তেওঁ কয়, মহানগৰীত 2013 চনত 222 টা, 2014 চনত 220 টা, 2015 চনত 241 টা, 2016 চনত 227টা, 2017 চনত 289টা, 2018 চনত 287 টা, 2019 চনত 254 টা, 2020 চনত 277 টা, 2021 চনত 414 টা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে । ইয়াৰ পৰিৱৰ্তে চলিত বৰ্ষত বৰ্তমানলৈ 414 টাতকৈ অধিক আত্মহত্যাৰ ঘটনা সংঘটিত গৈছে ।
তদুপৰি 2021 ত দিছপুৰত 48 টা, সাতগাঁৱত 42 টা, আজাৰাত 33 টা, নুনমাটি আৰু জালুকবাৰীত 26টা, পল্টন বজাৰত 25 টা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে । আনকি 2020 চনত দিছপুৰত 53 টা, জালুকবাৰীত 30 টা, নুনমাটিত 24 টা, ফটাশিল 23 টা, বশিষ্ঠত 21 টা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছিল । এই কথা সদৰি কৰে মহানগৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই ৷