গুৱাহাটী, 10 ফেব্ৰুৱাৰী: অসম চৰকাৰে অসমত বৰ্তমান বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সময়তেই অসমত ২১ বছৰ বয়স হোৱাৰ পূৰ্বেই বিয়া পতা পুৰুষৰ সংখ্যা বৃদ্ধিৰো এক উদ্বেগজনক তথ্য পোহৰলৈ আহিছে (Assam crackdown on child marriage)। ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ শেহতীয়া (National Family Health Survey) তথ্য মতে ২১ বছৰ বয়স হোৱাৰ পূৰ্বেই বিয়া পতা পুৰুষৰ সংখ্যাও বৃদ্ধি পাইছে ।
ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৪ (২০১৫-১৬) তথ্য অনুসৰি অসমত ১৫ শতাংশ পুৰুষে ২১ বছৰ বয়স হোৱাৰ পূৰ্বেই বিবাহ পাশত আবদ্ধ হৈছে (Underage marriages in Assam)। আনহাতে, ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৫ (২০১৯-২০) তথ্য মতে অৰ্থাৎ ২০১৯-২০ চনত তথ্য সম্পন্ন কৰা জৰীপ তথা শেহতীয়াকৈ প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৫ অনুসৰি অসমত ২১.৮ শতাংশ পুৰুষ — যিয়ে ২১ বছৰ বয়স হোৱাৰ পূৰ্বেই বিবাহ পাশত আবদ্ধ হৈছে (NFHS 5 Survey)। অর্থাৎ পাঁচ বছৰত এই হাৰ ৬.৮ শতাংশ বৃদ্ধি পাইছে ।
সেইদৰে ২০১৫-১৬ চনত অৰ্থাৎ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৪ (২০১৫-১৬) তথ্য মতে অসমত ১৮ বছৰ বয়সৰ পূৰ্বেই বিবাহ হোৱা মহিলাৰ হাৰ ৩০.৮ শতাংশ আছিল যদিও ২০১৯-২০ চনত অৰ্থাৎ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৫ ত এই হাৰ ৩১.৮ শতাংশলৈ বৃদ্ধি পাইছে । ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৫ত ২০-২৪ বছৰ মহিলাৰ ক্ষেত্ৰত এই জৰীপ চলোৱা হৈছিল। বিশেষকৈ ধুবুৰী, বৰপেটা, দক্ষিণ শালমাৰা, মানকাচৰ, গোৱালপাৰা, দৰং আদি জিলাত নাবালিকাৰ বিবাহৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ।