অসম

assam

ETV Bharat / state

Instragramয়ে চলাব অসম পৰ্যটনৰ প্ৰচাৰ !

বিশ্ব পৰ্যটন দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ গ্ৰহণৰ বাবে পৰ্যটন বিভাগে নিমন্ত্ৰণ কৰিছে অসমৰ  বিশ্ববিদ্যালয় কেইখনৰ পৰ্যটন বিভাগৰ শিক্ষাৰ্থীসকলক ৷

27 ছেপ্টেম্বৰত অসমতো উদযাপিত হ'ব বিশ্ব পৰ্যটন দিৱস

By

Published : Sep 24, 2019, 9:56 PM IST

Updated : Sep 25, 2019, 5:25 PM IST

গুৱাহাটী, 23 ছেপ্টেম্বৰ : 27 ছেপ্টেম্বৰত অসমতো উদযাপন হ'ব বিশ্ব পৰ্যটন দিৱস ৷ এইবছৰ অসমতো বিশ্ব পৰ্যটন দিৱস আয়োজন কৰিছে অসম পৰ্যটন নিগমে । এই সন্দৰ্ভত অসম পৰ্যটন নিগম অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ সংবাদমেল ৷ দীঘলীপুখুৰীৰ পৰা পুৱা 7 বজাত চাইকেল ৰেলীৰে হ'ব 27 ছেপ্টেম্বৰত আয়োজিত অনুষ্ঠানৰ আৰম্ভণি । বিশ্ব পৰ্যটন দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ গ্ৰহণৰ বাবে পৰ্যটন বিভাগে নিমন্ত্ৰণ কৰিছে অসমৰ বিশ্ববিদ্যালয় কেইখনৰ পৰ্যটন বিভাগৰ শিক্ষাৰ্থীসকলক ৷ ইয়াৰ লগতে পৰ্যটন বিভাগৰ ছাত্ৰ ছাত্ৰীৰ মাজত কুইজ আৰু চিত্ৰাংকণ প্ৰতিযোগিতাৰো আয়োজন কৰাৰ কথা উল্লেখ কৰে জয়ন্ত মল্ল বৰুৱাই ।

সংবাদমেলত বিশ্ব পৰ্যটন দিৱস উপলক্ষে পৰ্যটন বিভাগে নিৰ্মাণ কৰা 28 টা আমাৰ আলহী নামৰ 'Home Stay' গৃহৰ মুকলি কৰা হ'ব আৰু এই 'Home Stay' সমূহৰ জৰিয়তে অসমৰ নিবনুৱা সমস্যাৰ কিছু সমাধান হ'ব বুলি জনাই অসম পৰ্যটন নিগম অধ্যক্ষ গৰাকীয়ে । নতুনকৈ এইবাৰ চ'ছিয়েল নেটৱৰ্কিং চাইট 'Instragram'য়ে পৰ্যটন বিভাগৰ প্ৰচাৰ চলোৱাৰ কথাও অৱগত কৰে অধ্যক্ষগৰাকীয়ে ।

27 ছেপ্টেম্বৰত অসমতো উদযাপিত হ'ব বিশ্ব পৰ্যটন দিৱস

উল্লেখযোগ্য যে, নলবাৰী আৰু মাজুলীৰ ৰাসক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰচাৰ চলোৱাৰ এক প্ৰয়াস হাতত লৈছে অসমৰ পৰ্যটন বিভাগে । এই সন্দৰ্ভত মাজুলী আৰু নলবাৰীৰত পৰ্যটক সকলৰ বাবে যাতায়ত ব্যৱস্থাৰ লগতে সকলো ধৰণৰ আন যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে অসম পৰ্যটন নিগম অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই ।

Last Updated : Sep 25, 2019, 5:25 PM IST

ABOUT THE AUTHOR

...view details