অসম

assam

ETV Bharat / state

দ্বীপৰ বিলত উদযাপন বিশ্ব পৰ্যটন দিৱস - Tour Oparetor Of Assam

'INDIA Tourism'ৰ গুৱাহাটীস্থিত উত্তৰ-পূৱ মণ্ডলৰ আঞ্চলিক কাৰ্যালয় আৰু 'Tour Oparetor Of Assam'ৰ যৌথ উদ্যোগত পালন কৰা হয় বিশ্ব পৰ্যটন দিৱস ৷ উল্লেখযোগ্য যে, ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন দিৱসৰ এইবছৰৰ আয়োজক দেশ ভাৰত ৷

মহানগৰীত বিশ্ব পৰ্যটন দিৱস উদযাপন

By

Published : Sep 27, 2019, 11:14 PM IST

গুৱাহাটী , 27 চেপ্তেম্বৰঃ মহানগৰীৰ দ্বীপৰ বিলত শুকুৰবাৰে উদযাপন কৰা হয় বিশ্ব পৰ্যটন দিৱস৷ 'INDIA Tourism'ৰ গুৱাহাটীস্থিত উত্তৰ-পুৱ মণ্ডলৰ আঞ্চলিক কাৰ্য্যলয় আৰু 'Tour Oparetor Of Assam'ৰ যৌথ উদ্যোগত আৰু 'ৰংমন Tourism' সহযোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশ্ব পৰ্যটন দিৱস আয়োজন কৰা হয় দ্বীপৰ বিলত ৷ বিশ্ব পৰ্যটন দিৱসৰ লগত সংগতি ৰাখি ৰাতিপুৱা দ্বীপৰ বিলৰ পাৰত চাফাই অভিযান কাৰ্যসূচীৰ লগতে ডাষ্টবিন স্থাপন কৰা হয় ৷ দ্বীপৰ বিলৰ পাৰৰ পৰা ১২ নং ৰাণীৰ চাটাৰগাঁৱলৈ এটি চাইকেল ৰেলী উলিওৱাৰ লগতে পৰ্যটকৰ সুবিধাৰ বাবে এটি অতিথি গৃহ উদ্ধোধন কৰে ৰাভা হাছংৰ মুখ্য কাৰ্য্যবাহী সম্পাদক টংকেশ্বৰ ৰাভাই ৷ পৰ্যটন দিৱসৰ লগত সংগতি ৰাখি বাৰেৰহণীয়া সাংস্কৃতিক অনুস্থানো অনুস্থিত কৰা হয় ৷ উল্লেখযোগ্য যে, ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন দিৱসৰ এইবছৰৰ আয়োজক দেশ ভাৰত ৷

মহানগৰীত বিশ্ব পৰ্যটন দিৱস উদযাপন

ABOUT THE AUTHOR

...view details