গুৱাহাটী, 29 মে’: বিশ্ব ধঁপাত বিৰোধী দিৱস হিচাপে অহা 31 মে’ত কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব বিভিন্ন সজাগতামূলক কাৰ্যসূচী ৷ কামৰূপ জিলা ধঁপাত বিৰোধী কেন্দ্ৰ আৰু অসম ধঁপাত বিৰোধী কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত কৰা হ’ব এই সজাগতামূলক সভা ৷ মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেলত যোগে এই কথা ঘোষণা কৰে উদ্যোক্তা সকলে ।
উল্লেখ্য যে, 1987 চনৰ পৰা বিশ্ব স্বাস্থ্য সন্থাৰ উদ্যোগত 31 মে’ দিনটোত সমগ্ৰ বিশ্বতে পালন কৰি অহা হৈছে ধঁপাত বিৰোধী দিৱস ৷ এই দিৱস উদ্যাপনৰ উদ্দেশ্য এয়ে যে সকলোৱে যাতে ধঁপাত সেৱন কৰাৰ পৰা আঁতৰত থাকে তাৰ বাবে সজাগ কৰা । সমীক্ষা অনুসৰি ধঁপাত ব্যৱহাৰৰ ফলত ভাৰতত প্ৰতি বছৰত 13 লাখ মানুহৰ মৃত্যু হয় । আনহাতে দৈনিক মৃত্যু মুখত পৰে 3 হাজাৰ 3 শ গৰাকীকৈ লোক ।