নিউজ ডেস্ক, 20 মাৰ্চ :আজি 20 মাৰ্চ ৷ অৰ্থাৎ বিশ্ব ঘৰচিৰিকা দিৱস ৷ বিশ্ব ঘৰচিৰিকা দিৱসৰ উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বতে সজাগতা বৃদ্ধি কৰি চৰাইবিধক সুৰক্ষা প্ৰদান কৰা ৷ কেইবছৰমান পূৰ্বে চৰাইবিধক দেখা গৈছিল প্ৰায়সংখ্যক লোকৰ ঘৰৰ চোতালত ৷ কিন্তু সাম্প্ৰতিক সময়ত বৰ্ধিত শব্দ প্ৰদূষণৰ ফলস্বৰূপে বিলুপ্তিৰ পথত এই চৰাইবিধ ৷
ফ্ৰান্সৰ ইক’-চিছ একচন ফাউণ্ডেচন আৰু সমগ্ৰ বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ সহযোগত ভাৰতত নেচাৰ ফৰেভাৰ ছ’চাইটিৰ দ্বাৰা এই চৰাইবিধৰ সংৰক্ষণৰ হেতুকে প্ৰথমে বিশ্ব ঘৰচিৰিকা দিৱস পালন কৰা হৈছিল ৷
বিশ্ব ঘৰচিৰিকা দিৱস 2022