গুৱাহাটী, ১২ নৱেম্বৰ :ক’ভিড সৃষ্ট পৰিৱেশৰ মাজতেই আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেচন (International Tennis Federation) ৰ আহ্বান মৰ্মে অল ইণ্ডিয়া টেনিছ এছচিয়েচনৰ সহযোগত আৰু অল অসম টেনিছ এছছিয়েচনৰ উদ্যোগত বিগত ৮ নৱেম্বৰ পৰা মহানগৰীৰ চচলত অনুষ্ঠিত হয় ৱৰ্ল্ড ৰেংকিং টেনিছ টুৰ্ণামেণ্ট ৷ শুকুৰবাৰে সামৰণি পৰে ৱৰ্ল্ড ৰেংকিং টেনিছ টুৰ্ণামেণ্ট(World Ranking Tennis Tournament) ৷ 35 বছৰৰ উৰ্দ্ধৰ, 45 বছৰৰ উৰ্দ্ধৰ আৰু 55 বছৰৰ উৰ্দ্ধৰ ছিংগলছ আৰু ডাবলছৰ পুৰুষ আৰু মহিলা উভয় শাখাত অনুষ্ঠিত হয় এই আন্তঃৰাষ্ট্ৰীয় টেনিছ টুৰ্ণামেণ্ট (International Tennis Federation) খন ৷
আন্তঃৰাষ্ট্ৰীয় টেনিছ টুৰ্ণামেণ্ট খনত অসমৰ খেলুৱৈয়ে উন্নত ফলাফল লাভ কৰিবলৈ সক্ষম হোৱা বুলি জানিবলৈ দিয়ে উদ্যোক্তা সকলে । টুৰ্ণামেণ্টখনত পুৰুষৰ ছিংগলছত 35 বছৰৰ উৰ্ধৰ শাখাত চন্দ্ৰশেখৰ মহান্তি, 45 বছৰৰ উৰ্দ্ধৰ শাখাত অমিত শৰ্মা, 55 বছৰ উৰ্ধৰ শাখাত অজীত ভৰদ্বাজে জয়লাভ কৰে । আনহাতে, মহিলা ছিংগলছ শাখাৰ 35 বছৰৰ উৰ্ধৰ শাখাত ছিমি বেগম শৰ্মা, ডাবলছৰ (পুৰুষৰ) 35 বছৰৰ উৰ্ধৰ শাখাত দিলীপ মহান্তি আৰু চন্দ্ৰশেখৰ মহান্তি, 45 বছৰ উৰ্ধৰ শাখাত জিতেন্দ্ৰ প্ৰধান আৰু তুলেশ্বৰ সিং ঠংবাম, 55 বছৰ উৰ্ধৰ শাখাত ৰনদীপ বৰুৱা আৰু হাকিম আলিয়ে বিজয় খিতাপ লাভ কৰে ।
লগতে পঢ়ক :DU PG Admission: 17 নৱেম্বৰত প্ৰকাশ পাব নামভৰ্তিৰ প্ৰথমখন Merit List