গুৱাহাটীত পালন বিশ্ব হাইপাৰটেনশ্যন দিৱস - অসম নিউজ
যান্ত্ৰিকতাৰে ভৰা পৃথিৱীত মানুহৰ জীৱনত দিনক দিনে বাঢ়িছে বহু বেমাৰ ৷ তাৰ ভিতৰৰ এটা হাইপাৰটেনশ্যন। বিশ্ব হাইপাৰটেনশ্যন দিৱস উপলক্ষে শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত Heart Care Society of Assam এখন সংবাদমেল সম্বোধন কৰে
গুৱাহাটী,17 মে': শুকুৰবাৰে সমগ্ৰ বিশ্বজুৰি পালন কৰা হয় বিশ্ব হাইপাৰটেনশ্যন দিৱস। যান্ত্ৰিকতাৰে ভৰা পৃথিৱীত মানুহৰ জীৱনত দিনক দিনে বাঢ়িছে বহু বেমাৰ ৷ তাৰ ভিতৰৰ এটা হাইপাৰটেনশন । বিশ্ব হাইপাৰটেনশ্যন দিৱস উপলক্ষে শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত Heart Care Society of Assam এ এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত বৰ্তমান সময়ত জীৱন প্ৰণালীত কেনেদৰে মানুহে নিজৰ স্বাস্থ্য প্ৰতি সজাগ হ'ব লাগে অৰ্থাৎ কেনেদৰে নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ হ'ব লাগে সেই সন্দৰ্ভত Heart Care Society of Assam সভাপতি ডঃ নিৰ্মল কান্তি ভট্টাচাৰ্যই বহুতো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই ৷