গুৱাহাটী,17 মে’: উচ্চ ৰক্তচাপ ৷ সমগ্ৰ বিশ্বতে এক ভয়াৱহ সমস্যা ৰূপে দেখা দিছে এই ৰোগে ৷ উচ্চ ৰক্তচাপেই নিৰৱ ঘাতক হৈ বহুতৰে জীৱনলৈ নমাই আনিছে অমানিশা ৷ অৱশ্যে কিহৰ বাবে উচ্চ ৰক্তচাপত ভোগে এজন লোক ? বহুলোকেই শৰীৰৰ উচ্চ ৰক্তচাপ সম্পৰ্কে অজ্ঞ হৈ থাকে ৷ তেনে ক্ষেত্ৰত কি কৰিব আপুনি , শুনক বিশেষজ্ঞ চিকিৎসকৰ মুখেৰেই ...
কি কি নিয়ম মানি চলিলে আপুনি নিয়ন্ত্ৰণ কৰিব পাৰিব আপোনাৰ উচ্চ ৰক্তচাপ ? শুনক বিশেষজ্ঞ চিকিৎসকৰ মুখেৰেই ...
কেতিয়াৰ পৰা সততে উচ্চ ৰক্তচাপ হোৱা দেখা যায় । কিন্তু বৰ্তমান সময়ত দেখা গৈছে যে বহু কম বয়সীয়া লোকৰ ক্ষেত্ৰটো দেখা দিছে এইবিধ মাৰত্মক ৰোগে । এই সন্দৰ্ভত চাওক চিকিৎসকৰ মন্তব্য ....
আপোনাৰ শৰীৰত কেনেদৰে ক্ৰিয়া কৰিব পাৰে উচ্চ ৰক্তচাপে । কিয় নিৰৱ ঘাতক বুলি কোৱ হৈছে উচ্চ ৰক্তচাপক ...
সজাগতাৰ অভাৱৰ বাবেই আপোনাৰ শৰীৰত বাহ ল’ব পাৰে উচ্চ ৰক্তচাপে ৷ সেয়ে বিশ্ব উচ্চ ৰক্তচাপ দিৱসৰ দিনটোত চিকিৎসকৰ আহ্বান সজাগ হওঁক সকলো ৷ শৰীৰত এই ৰোগৰ ক্ৰিয়া অনুমান কৰিলেই কাষ চাপক চিকিৎসকৰ ৷ যাৰ জৰিয়তে সমগ্ৰ বিশ্বতে হ্ৰাস কৰিব পৰা যাব উচ্চ ৰক্তচাপ ৷