গুৱাহাটী, 28 ছেপ্টেম্বৰঃ29 ছেপ্তেম্বৰত বিশ্বজুৰি পালন কৰা হ’ব বিশ্ব হৃদয় দিৱস ৷ অসম হাৰ্ট কেয়াৰ চ'ছাইটি অসম শাখাৰ উদ্যোগত গুৱাহাটী টাউন ক্লাবতো অনুষ্ঠিত কৰা হ’ব বিশ্ব হৃদয় দিৱস ৷ সেই উপলক্ষে মহানগৰীৰ বহু ঠাইত জনসাধাৰণক সজাগ কৰাৰ বাবে অনুষ্ঠিত হ'ব বিভিন্ন কাৰ্যসূচী ৷ শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেলৰ জৰিয়তে এই কথা অৱগত কৰে উদ্যোক্তা সকলে। উক্ত অনুষ্ঠানটোত উপস্থিত থাকিব বাংলাদেশৰ উচ্চায়ুক্ত মহম্মদ তন্ভিৰ মনচুৰ,নেম কেয়াৰ হাস্পতালৰ অধ্যক্ষ ডাঃ হিতেশ বৰুৱাকে প্ৰমূখ্যে বহু বিশিষ্ট লোক ৷
বিশ্ব হৃদয় দিৱসৰ আয়োজন - নেম কেয়াৰ হাস্পতাল
29 ছেপ্তেম্বৰত বিশ্বজুৰি পালন কৰা হ’ব বিশ্ব হৃদয় দিৱস ৷ অসম হাৰ্ট কেয়াৰ চছাইটি অসম শাখাৰ উদ্যোগত গুৱাহাটী টাউন ক্লাবতো অনুষ্ঠিত কৰা হ’ব বিশ্ব হৃদয় দিৱস ৷ মহানগৰীৰ দিছপুৰ হাস্পতালদ্য হাৰ্ট,সহৃদয় গোষ্ঠীৰ যৌথ উদ্যোগতো অনুষ্ঠিত কৰা হ’ব বিশ্ব হৃদয় দিৱস ।
বিশ্ব হাৰ্ট দিৱসৰ আয়োজন
আনহাতে মহানগৰীৰ দিছপুৰ হাস্পতাল,দ্য হাৰ্ট,সহৃদয় গোষ্ঠীৰ যৌথ উদ্যোগতো অনুষ্ঠিত কৰা হ’ব বিশ্ব হৃদয় দিৱস। বিশ্ব হৃদয় দিৱসৰ লগত সংগতি ৰাখি সিদিনা পুৱা 6 বজাত দিছপুৰ হাস্পতালৰ পৰা এক সজাগতামূলক পদ যাত্ৰাৰো আয়োজন কৰিছে ।লগতে মাদক দ্ৰব্য,ধপাত, মছলাযুক্ত খাদ্য আদি পৰিহাৰ কৰাৰ বাবে আহ্বান জনায় ।