গুৱাহাটী/বাক্সা/ছিপাঝাৰ/মাজুলী/কলিয়াবৰ/জোনাই, ৩ ডিচেম্বৰ:আজি বিশ্বজুৰি উদযাপন কৰা হয় বিশ্ব প্ৰতিবন্ধী দিৱস (World disabled day)৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শনিবাৰে মহানগৰীৰ কৰুণাধাৰা নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত আৰু সৰস্বতী বাগধ্বনি প্ৰশিক্ষণ কেন্দ্ৰৰ সহযোগত বীৰকুছিস্থিত সৰস্বতী বাগধ্বনি প্ৰশিক্ষণ কেন্দ্ৰটো বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন কৰা হয় (World disabled day Observed across Assam) ৷
সৰস্বতী বাগধ্বনি প্ৰশিক্ষণ কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় এই বিশেষ দিৱসটি ৷ এই অনুষ্ঠানত প্ৰশিক্ষণ কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰীসকলে জাতীয় সংগীত, বিহু নাচ আদিকে ধৰি বিভিন্ন অনুষ্ঠান পৰিবেশন কৰে ৷ অনুস্থানত উপস্থিত থকা কৰুণাধাৰ স্বেচ্ছাসেৱী সংগঠনৰ বিষয়ববীয়া সকলে বিশ্ব প্ৰতিবন্ধী দিৱসৰ ওপৰত বিস্তৃত ভাৱে আলোকপাত কৰে ।
উল্লেখ্য যে এই বছৰৰ বিশ্ব প্ৰতিবন্ধী দিৱসৰ মূল লক্ষ্য হৈছে, সামগ্ৰিক বিকাশৰ বাবে পৰিৱৰ্তনশীল সমাধান: এক সুলভ আৰু ন্যায়সংগত পৃথিৱীত ইন্ধন যোগোৱাত উদ্ভাৱনৰ ভূমিকা ৷
ইয়াৰ লগতে শনিবাৰে বাক্সাৰ জাখলিৰপাৰত আন্তৰ্জাতিক বিশ্ব দিব্যাংগ দিৱস পালন কৰা হয় ৷ দিব্যাংগ দিৱস উপলক্ষে বি টি আৰৰ ই এম গৌতম দাসে দিব্যাংগ সকলৰ মাজত দিব্যাংগৰ প্ৰমাণ পত্ৰ বিতৰণ কৰে ৷ প্ৰায় তিনিশ দিব্যাংগ লোকৰ মাজত দিব্যাংগৰ প্ৰমাণ পত্ৰ বিতৰণ কৰি বি টি আৰৰ EM গৌতম দাসে কয়- বিজেপি, ইউ পি পি এল, গণ সুৰক্ষা পৰিষদ আৰু অগপ মিত্ৰজোঁটে বিটিআৰৰ দায়িত্ব লোৱাৰ সময়ত সমগ্ৰ বিটিআৰত প্ৰায় 25 হাজাৰ দিব্যাংগ লোক প্ৰমাণ পত্ৰৰ লাভৰ পৰা বঞ্চিত হৈ আছিল ৷ বি টি আৰৰ চীফ প্ৰমোদ বড়োৰ নেতৃত্বত বি টি আৰ গঠন হোৱাৰ পাছত ইতিমধ্যে 9 হাজাৰ দিব্যাংগ ব্যক্তিক প্ৰমাণ পত্ৰ দিয়া হৈছে ৷ বাকী থকা দিব্যাংগ ব্যক্তিসকলকো পৰ্যায়ক্ৰমে দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি কয় ৷
কিছু দিব্যাংগ ব্যক্তিক ডাকঘৰ যোগেও প্ৰমাণ পত্ৰ দিয়াৰ কথা উল্লেখ কৰি ই এম গৌতম দাসে আৰু কয় যে দীনদয়াল উপাধ্যায় পেঞ্চন যোজনাৰ অধীনত আৰ্থিক ভাৱে পিছপৰা দিব্যাংগ লোকক এককালীনভাৱে আৰ্থিক সাহায্য দিয়াৰ লগতে ই ৰিক্সা আদি যোগান ধৰা হ’ব ৷ তাৰোপৰি শিক্ষা দীক্ষা, ৰেলৰ ভাড়া, চাকৰিবাকৰি আদিৰ ক্ষেত্ৰতো দিব্যাংগ লোকসকলৰ বাবে বিশেষ ব্যৱস্থা লোৱাৰ কথাও উল্লেখ কৰি ই এম গৌতম দাসে ৷
ইয়াৰ সমান্তৰালকে ছিপাঝাৰৰ বেচৰকাৰী সংস্থা "আশাজ্যোতি"য়ে দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে বিশ্ব প্ৰতিবন্ধী দিৱস৷ ২০১১ চনৰে পৰা পৰা ছিপাঝাৰ অঞ্চলত প্ৰতিবন্ধী শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ ক্ষেত্ৰত কাম কৰি আহিছে আশাজ্যোতিয়ে ৷ এই অনুষ্ঠানত উপস্থিত থাকে স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশী, অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসৰ লগতে একাংশ অভিভাৱক ৷