অসম

assam

By

Published : Dec 3, 2020, 10:07 PM IST

ETV Bharat / state

শিশু সাৰথিৰ উদ্যোগত বিশ্ব প্ৰতিবন্ধী দিৱস পালন

সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীৰ ভিন্ন প্ৰান্ততো আয়োজন কৰা দেখা গ’ল বিশ্ব প্ৰতিবন্ধী দিৱস ৷ মহানগৰীৰ বিৰুবাৰিস্থিত শিশু সাৰথিতো বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন কৰা দেখা গ’ল ৷

sishu sarathi
sishu sarathi

গুৱাহাটী, 3 ডিচেম্বৰ : আজি বিশ্ব প্ৰতিবন্ধী দিৱস ৷ দেশৰ ভিন্ন প্ৰান্তত থকা বিশেষভাৱে সক্ষম লোকসকলৰ বাবে আগবঢ়োৱা এটা বিশেষ দিন ৷ সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীৰ ভিন্ন প্ৰান্ততো আয়োজন কৰা দেখা গ’ল বিশ্ব প্ৰতিবন্ধী দিৱস ৷ মহানগৰীৰ বিৰুবাৰিস্থিত শিশু সাৰথিতো উদযাপন কৰি দেখা গ’ল বিশ্ব প্ৰতিবন্ধী দিৱস ৷ প্ৰতিবন্ধী দিৱসৰ লগত সংগতি ৰাখি শিশু সাৰথি কৰ্তৃপক্ষই শিক্ষানুষ্ঠানখনত থকা বিশেষভাৱে সক্ষম লোকসকলৰ মাজত আয়োজন কৰা দেখা গ’ল বিভিন্ন খেলধেমালি ৷

শিশু সাৰথিৰ উদ্যোগত বিশ্ব প্ৰতিবন্ধী দিৱস পালন

উল্লেখ্য যে, প্ৰতিবন্ধী শিশুসকল যাতে ভৱিষ্যতে সমাজৰ আন সুস্থ লোকসকলৰ লগত সমানে ফেৰ মাৰি আগুৱাই যাব পাৰে, তাৰ বাবে প্ৰতিবন্ধী শিশুসকলৰ শাৰিৰীক, মানসিক আৰু শৈক্ষিক ক্ষেত্ৰখনৰ সৈতে আগবাঢ়ি যাব পৰাকৈ প্ৰস্তুত কৰি তোলাৰ চেষ্টা কৰি আহিছে ৷

প্ৰণিধানযোগ্য যে, বিগত সময়ত এই শিশু সাৰথি প্ৰতিষ্ঠানৰ পৰাই ভালেকেইজন প্ৰতিবন্ধী শিশুৱে বিভিন্ন ক্ষেত্ৰত নিয়োজিত হৈ উপাৰ্জনৰ পথ মোকলাবলৈ সক্ষম হৈছে ৷ শিশু সাৰথিৰ কৰ্তৃপক্ষৰ মন্তব্য “শিক্ষা এই সকল প্ৰতিবন্ধী শিশুৰ অধিকাৰ আৰু আন লোক সকলৰ পৰা পৃথক নকৰাকৈ তেওঁলোকেও যাতে শিক্ষা ল’ব পাৰে তাৰ ব্যৱস্থা কৰা লগতে শিশু সাৰথিয়েও এই ক্ষেত্ৰত গুৰুত্ব সহকাৰে ভৱিষ্যতেও কাম কৰি যাব ৷”

লগতে পঢ়ক :গেলা-দিচাং গাঁৱত বৈছে ভক্তিৰ নিজৰা

ABOUT THE AUTHOR

...view details