অসম

assam

আয়ুৰসুন্দ্ৰা চুপাৰ স্পেচিয়েলিটি হাস্পতালত পালন বিশ্ব ব্ৰেইন টিউমাৰ দিৱস

By

Published : Jun 8, 2022, 9:49 PM IST

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মহানগৰীৰ আয়ুৰসুন্দ্ৰা চুপাৰ স্পেচিয়েলিটি হাস্পতালতো পালন 'বিশ্ব ব্ৰেইন টিউমাৰ দিৱস' (World Brain Tumor Day observe in Guwahati)৷ বিশ্ব ব্ৰেইন টিউমাৰ দিৱস উপলক্ষে হাস্পতালখনৰ স্নায়ুৰোগ আৰু স্নায়ুশল্য বিভাগৰ জন সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ ৷

World Brain Tumor Day observe at Ayursundra Super Speciality Hospital
World Brain Tumor Day: আয়ুৰসুন্দ্ৰা চুপাৰ স্পেচিয়েলিটি হাস্পতালত পালন বিশ্ব ব্ৰেইন টিউমাৰ দিৱস

গুৱাহাটী, 8 জুন :প্ৰতিবছৰে ৮ জুন তাৰিখে সমগ্ৰ বিশ্বজুৰি উদযাপন কৰা হয় বিশ্ব ব্ৰেইন টিউমাৰ দিৱস(World Brain Tumor Day observe in Guwahati) । সেইমৰ্মে আজিৰ দিনটোত গুৱাহাটীস্থিত আয়ুৰসুন্দ্ৰা চুপাৰ স্পেচিয়েলিটি হাস্পতালতো পালন কৰা হয় 'বিশ্ব ব্ৰেইন টিউমাৰ দিৱস'। এই দিৱস উপলক্ষে হাস্পতালখনৰ স্নায়ুৰোগ আৰু স্নায়ুশল্য বিভাগে জনসজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰে ।

সেই উপলক্ষে আয়োজন কৰা সংবাদমেলত উপস্থিত থাকে আয়ুৰসুন্দ্ৰা চুপাৰ স্পেচিয়েলিটি হাস্পতালৰ স্নায়ুৰোগ বিশেষজ্ঞ(Neurologist of Ayursundra Super Speciality Hospital) ডাঃ দ্বীপজ্যোতি পায়েঙ প্ৰমুখ্যে হস্পাতালখনৰ স্নায়ুশল্য বিশেষজ্ঞ ডাঃ চিমৰাণজিৎ সিং, চিকিৎসালয় অধীক্ষক ডাঃ প্ৰণৱ বৰুৱা আৰু যুটীয়া চিকিৎসালয় অধীক্ষক ডাঃ প্ৰেৰিত শৰ্মাৰ লগতে মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ ডেকা ।

সংবাদমাধ্যমক উদ্দেশ্যি স্নায়ুশল্য বিশেষজ্ঞ ডাঃ সিমৰণজিৎ সিঙে কয় যে, "ব্ৰেইন টিউমাৰ হৈছে এক জটিল ৰোগ, য'ত মস্তিষ্কৰ কোষবোৰ অস্বাভাৱিকভাৱে বৃদ্ধি পাবলৈ আৰম্ভ কৰে । ই লাহে লাহে মগজুত কোষৰ এক গোট বিকশিত কৰে যাক ব্ৰেইন টিউমাৰ বুলি কোৱা হয় । আজিৰ পৰা আশী-নব্বৈ বছৰ পূৰ্বে এই ৰোগ নিৰাময়ৰ উপায় নাছিল । সেয়েহে ৰোগীয়ে অকাল মৃত্যুক সাৱটিবলগীয়া হৈছিল । কিন্তু এতিয়া বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সুবাদত ব্ৰেইন টিউমাৰ নিৰাময়ত ৭০-৭৫ শতাংশ সাফল্য লাভ কৰিব পৰা যায় ।"

আনহাতে, চিকিৎসকগৰাকীয়ে মগজুত হোৱা টিউমাৰত অস্ত্ৰোপচাৰ সন্দৰ্ভত ব্যক্ত কৰি কয় যে, সৰ্বভাৰতীয় স্তৰত এইমচ আদিৰ দৰে চিকিৎসালয়ত যেনেদৰে অস্ত্ৰোপচাৰ কৰা হয়, গুৱাহাটীতো আজি সেই পৰ্য্যায়ৰ দ্বাৰা চিকিৎসা সম্ভৱ । শেহতীয়াকৈ তেওঁ আংশীকভাবে এনাষ্ঠেচীয়া দি এগৰাকী মহিলাৰ 'Awake Craniotomy' নামৰ এক বিশেষ অস্ত্ৰোপচাৰৰ জৰিয়তে সফলতাৰে 'মগজুৰ টিউমাৰ' অস্ত্ৰোপচাৰ কৰাৰ কথা উল্লেখ কৰে । তেওঁ কয় যে, প্ৰাৰম্ভিক অৱস্থাতে ধৰা পেলাব পাৰিলে অস্ত্ৰোপচাৰৰ জৰিয়তে এই ৰোগ নিৰাময় কৰিব পাৰি ।

ইফালে, চিকিৎসালয়খনৰ অধীক্ষক ডাঃ প্ৰণৱ বৰুৱাই জনোৱা মতে, প্ৰতিবছৰে প্ৰতি লাখ লোকৰ মাজৰ ১৪.৪ গৰাকী লোক এই ৰোগত আক্ৰান্ত হয় । সময়ৰ লগে লগে ইয়াৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিছে । উপযুক্ত সময়ত সঠিক চিকিৎসা লাভ কৰিলে এই ৰোগ নিৰাময় কৰিব পৰা যায় ।

আয়ুৰসুন্দ্ৰা চুপাৰ স্পেচিয়েলিটি হাস্পাতালৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ ডেকাই সংবাদমাধ্যমৰ আগত ব্ৰেইন টিউমাৰৰ বাবে আয়ুৰসুন্দ্ৰাত উপলব্ধ চিকিৎসাৰ সুবিধাৰ কথাৰ বিষয়ে উল্লেখ কৰে ।

লগতে পঢ়ক :অভি-নীল হত্যাৰ চাৰি বছৰ: ন্যায় কেতিয়া ?

ABOUT THE AUTHOR

...view details