অসম

assam

By

Published : Apr 4, 2020, 6:39 PM IST

ETV Bharat / state

মেঘালয়ৰ পৰা অসমলৈ খোজকাঢ়ি ওলাল 18 গৰাকীকৈ শ্ৰমিক

মেঘালয়ৰ বৰ্ণিহাটৰ পৰা বৈঠলাংছোলৈ যোৱাৰ বাবে খোজকাঢ়ি ওলাল ওলাল অসমৰ ১৮ গৰাকী শ্ৰমিক ৷ খাদ্য সংকটৰ বাবেই এনেদৰে ওলাই আহিল যুৱককেইজন ৷

worker from meghalaya returning assam baithalangshu
মেঘালয়ৰ পৰা অসমলৈ খোজকাঢ়ি ওলাল 18 গৰাকীকৈ শ্ৰমিক

গুৱাহাটী,4 মাৰ্চঃ মেঘালয়ৰ বৰ্ণিহাট চকীৰ অন্তৰ্গত ৰাজাবাগানত অৱস্থিত পাইনৰ নামৰ উদ্যোগত কৰ্মৰত 18জনকৈ অসমৰ যুৱকে খোজকাঢ়ি অসমলৈ অহাৰ সিদ্ধান্ত লয় ৷ খাদ্য সংকটৰ বাবে এনে সিদ্ধান্ত গ্ৰহণ কৰে বুলি জনাই মেঘালয়ত কৰ্মৰত অসমৰ শ্ৰমিকসকলে ৷

মেঘালয়ৰ পৰা অসমলৈ খোজকাঢ়ি ওলাল 18 গৰাকীকৈ শ্ৰমিক

মেঘালয়ৰ বৰ্ণিহাটৰ পৰা বৈঠালাংছোলৈ খোজকাঢ়ি গৈ থকা এই সকল অসমৰ শ্ৰমিকৰ খবৰ পাই সোণাপুৰ আৰক্ষী উপস্থিত হয় মৰগদোলা গাঁৱত । সোণাপুৰ ৰাজহ চক্ৰ বিষয়া জেনিফাৰ য়াচমিন চৌধুৰীৰ নিৰ্দেশ মৰ্মে সোণাপুৰ আৰক্ষীয়ে বৰ্ণিহাট আৰক্ষীৰ সহযোগত পুনৰ পাইনৰ নামৰ উদ্যাগলৈ উভতাই পঠায় শ্ৰমিককেইজনক ৷
লগতে পঢ়কঃ9 এপ্ৰিলৰ প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ কাৰ কি সঁহাৰি !

ABOUT THE AUTHOR

...view details