অসম

assam

ETV Bharat / state

মৰাণত বিধায়ক চক্ৰধৰ গগৈৰ অৰুণোদয় আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ - সৰ্বানন্দ সোণোৱাল

অৰুণোদয় আঁচনি শুভাৰম্ভ হোৱাৰ পাছতে ৰাজ্যৰ প্ৰতিটো সমষ্টিতে এই আঁচনি সফল ৰূপায়ণ কৰাৰ বাবে মন্ত্ৰী বিধায়কৰ লগতে দলীয় কৰ্মী সকল তৎপৰ হৈ পৰা পৰিলক্ষিত হয় । পিছপৰি ৰোৱা নাই মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ ।

মৰাণত অৰুণোদয় আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ বিধায়ক চক্ৰধৰ গগৈৰ
মৰাণত অৰুণোদয় আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ বিধায়ক চক্ৰধৰ গগৈৰ

By

Published : Dec 1, 2020, 9:55 PM IST

মৰাণ,1 ডিচেম্বৰঃপৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া সৰ্বানন্দ সোণোৱাল চৰকাৰে শুভাৰম্ভ কৰিলে অৰুণোদয় আঁচনিখন। অৰুণোদয় আঁচনি শুভাৰম্ভ হোৱাৰ পাছতে ৰাজ্যৰ প্ৰতিটো সমষ্টিতে এই আঁচনি সফল ৰূপায়ণ কৰাৰ বাবে মন্ত্ৰী বিধায়কৰ লগতে দলীয় কৰ্মী সকল তৎপৰ হৈ পৰা পৰিলক্ষিত হয় । পিছপৰি ৰোৱা নাই মৰাণৰ বিধায়ক চক্ৰধৰ গগৈও। তিলৈ নগৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত তিলৈ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহত মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে প্ৰথম পৰ্যায়ৰ হিতাধিকাৰীৰ সকলৰ মাজত অৰুণোদয় আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ কৰে ।

মৰাণত অৰুণোদয় আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ বিধায়ক চক্ৰধৰ গগৈৰ

এই অনুষ্ঠানত উপস্থিত থাকে তিলৈ পঞ্চায়তৰ সভাপতি দিলীপ বৰুৱা, বামুণবাৰী পঞ্চায়তৰ সভানেত্ৰী মামণি চাহু উজীৰ, খোৱাং মণ্ডলৰ কৃষাণ মৰ্চাৰ সভাপতি লুহিত চুতীয়া , তিলৈ পঞ্চায়তৰ উপ সভানেত্ৰী পিঙ্কী চলিহা শইকীয়া, জিলা পৰিষদৰ সদস্যা শিখা মণি তামুলী, খোৱাং মণ্ডলৰ উপ-সভাপতি কুশকান্ত বড়াৰ লগতে দলীয় কাৰ্যকৰ্তা সকল ।

মৰাণত অৰুণোদয় আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ বিধায়ক চক্ৰধৰ গগৈৰ
লগতে পঢ়কঃএসময়ত দেশী বিদেশী পৰ্যটকৰে ভৰি থকা চাপানালা আজি জনশূণ্য

ABOUT THE AUTHOR

...view details