গুৱাহাটী, 21 জুন : যোৰাবাটত উদ্ধাৰ বৃহৎ পৰিমাণৰ চেগুন কাঠৰ কুণ্ডা । যোৰাবাটৰ খণ্ড বন বিষয়াৰ এটা দলে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ চেগুন কাঠৰ কুণ্ডা খিনি । আমচাং অভয়াৰণ্যৰ কাষতে লাগি থকা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ পৰা উদ্ধাৰ কৰে কুণ্ডাখিনি । যাৰ আনুমানিক বজাৰ মূল্য এক লাখ টকা । যদিও বন বিষয়াৰ দলে কুণ্ডা সৰবৰাহৰ লগত জড়িত কোনো লোকক আটক কৰিব পৰা নাই ।
যোৰাবাটত জব্দ বৃহৎ পৰিমাণৰ চেগুনৰ কুণ্ডা - assam
যোৰাবাটৰ খণ্ড বন বিষয়াৰ এটা দলে উদ্ধাৰ কৰে লক্ষাধিক মূল্যৰ চেগুন কাঠৰ কুণ্ডা
যোৰাবাটত জব্দ বৃহৎ পৰিমাণৰ চেগুন কাঠৰ কুণ্ডা
উল্লেখ্য যে, আমচাং অভয়াৰণ্যৰ পৰা মাত্ৰ দুই কিলোমিটাৰ নিলগত যোৰাবাটৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা আমচাং বনাঞ্চলৰ পৰা বহুমূলীয়া চেগুন গছ কটাৰ পিছত বন মাফিয়াসকলে বাহনত ভৰ্তি কৰি মেঘালয়লৈ লৈ যায় ৷ আমচাং অভয়াৰণ্যৰ ধ্বংস যজ্ঞ চলি থকাৰ উমানে নাপায় আমচাং অভয়াৰণ্যৰ বন কৰ্মীৰ লগতে যোৰাবাট আৰক্ষীয়ে ।