গুৱাহাটী, 8 ফেব্ৰুৱাৰী: মহিলাসকলক সকলো দিশতেই আগুৱাই নিয়া তথা স্বাৱলম্বীতাৰ পথ দেখুওৱাৰ লক্ষ্যৰে মহিলাৰ বাবে এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ মঞ্চ ‘ৱ’মানিয়াছ’ গুৱাহাটীত মুকলি কৰা হৈছে। মহিলা উদ্যোগী তথা ‘প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট’ টেলিভিছনৰ চিএমডি ৰিণিকি ভূঞা শৰ্মাই দেওবাৰে মহিলাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মঞ্চ ‘ৱ’মানিয়াছ’ৰ লগ’ আৰু ৱেবছাইট আনুষ্ঠানিকভাৱে মুকলি কৰে।
অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰিণিকি ভূঞা শৰ্মাই ভাষণ প্ৰসংগত কয় যে, মহিলাৰ বাবে নতুনকৈ আৰম্ভ কৰা ‘ৱ’মানিয়াছ’ নেটৱৰ্কিঙে মহিলাৰ লক্ষ্যপ্ৰাপ্তিৰ মেৰুদণ্ড হিচাপে চিহ্নিত হ’ব। মহিলাসকলক চাকৰিৰ লগতে ব্যৱসায়িক ক্ষেত্ৰতো ক্ষমতা প্ৰদান কৰিব। দিব্যা চিয়তীয়া, নুপুৰ আগৰৱালা আৰু নিতা শৰ্মাই মহিলাসকলক সমৰ্থন আৰু আগবঢ়াই নিয়াৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলাৰ মঞ্চ ‘ৱ’মানিয়াছ’ প্ৰতিষ্ঠা কৰিছে আৰু গুৱাহাটীতে হ’ব ‘ৱ’মানিয়াছ’ৰ মুখ্য কাৰ্যালয়।