নেশ্যনেল ডেস্ক, 21 জানুৱাৰী : ‘‘চুৰি বিদ্যা উত্তম বিদ্যা ৷ ধৰা পৰিলেহে হয় শিলত খুন্দা ৷’’ উত্তৰ প্ৰদেশৰ ৱালটাৰগঞ্জ থানাৰ অন্তৰ্গত এটা অঞ্চলত সংঘটিত হৈছে এক অঘটন ৷ পুৰুষৰ সমানে সমানে এইবাৰ চুৰি বিদ্যাতো নামিছে মহিলা ৷ দিন দুপৰতে গৰাকীৰ চকুত ধূলি দি দুগৰাকী মহিলাই লৈ গ’ল সোণৰ সামগ্ৰী (Women theft gold earrings in Uttar Pradesh)৷ সমগ্ৰ দৃশ্যাংশ বন্দী হৈছে বিপণিখনৰ CCTV কেমেৰাত ৷
CCTV কেমেৰাত বন্দী হোৱা দৃশ্যাংশ অনুসৰি, ৱালটাৰগঞ্জ থানাৰ অন্তৰ্গত এখন সোণৰ বিপণিত অন্য গ্ৰাহকৰ লেখীয়াকৈ আহিছিল দুগৰাকী মহিলাও ৷ প্ৰথম অৱস্থাত মহিলা দুগৰাকীয়ে বিভিন্ন ডিজাইনৰ সোণৰ কাণফুলি দেখুৱাবলৈ দোকানীৰ গৰাকীক কয় ৷ পৰৱৰ্তী সময়ত গ্ৰাহকৰ অনুৰোধ অনুসৰিয়েই এটাৰ পাচত আনটো বিভিন্ন ডিজাইনৰ কাণফুলি দেখুৱাত ব্যস্ত হৈ পৰে ৷
তেনে সময়তে দোকানীগৰাকীৰ অমনোযোগিতাৰ সুযোগ লৈ এগৰাকী মহিলাই হাতৰ টিপতে এপাত কাণফুলি লৈ যায় ৷ কিন্তু এই কাণ্ডৰ উমকে নাপালে বিপণিৰ গৰাকীয়ে ৷ পৰৱৰ্তী পৰ্যায়ত বিপণিৰ গৰাকীয়ে সামগ্ৰী পৰিপাতি কৰি থকাত এপাত সোণৰ কাণফুলি বিচাৰি হাইৰাণ হয় ৷