অসম

assam

ETV Bharat / state

প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত মৃন্ময় শিল্পী - দূৰ্গাক আদৰাৰ ব্যাপক প্ৰস্তুতি

পূজালৈ মাজত মাত্ৰ কেইটামান দিন থকাৰ সময়তে ব্যস্ততা বাঢ়িছে মৃন্ময় শিল্পীসকলৰো ৷ অশেষ কষ্টৰ পাছতো কষ্টোপাৰ্জিত ধন নোপোৱাৰ অভিযোগ মৃন্ময় শিল্পীসকলৰ ৷

প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত মৃন্ময় শিল্পী

By

Published : Sep 17, 2019, 6:59 AM IST

Updated : Sep 17, 2019, 7:38 AM IST

গুৱাহাটী,17 চেপ্তেম্বৰঃ দূৰ্গা পূজালৈ মাজত মাত্ৰ দুটা সপ্তাহ বাকী ৷ দেশৰ সকলো প্ৰান্ততে চলিছে মা দূৰ্গাক আদৰাৰ ব্যাপক প্ৰস্তুতি ৷ প্ৰতিমাত শেষ স্পৰ্শ দিছে খনিকৰসকলে ৷ ইফালে পূজাৰ দিন ওচৰ চাপি অহাৰ লগে-লগে সকলোৰে লগতে ব্যস্ত হৈ পৰিছে মহানগৰীৰ মহিলা মৃন্ময় শিল্পীসকলো ৷ পাণ্ডুৰ নিউ শিৱ শংকৰ শিল্পালয়ৰ মৃন্ময় শিল্পী দীপিকা নাগপাল ব্যস্ত বিশ্বকৰ্মাৰ মূৰ্তিত শেষ পৰশ দিয়াত ৷ বিগত ৩৮ বছৰ ধৰি মূৰ্তি নিৰ্মাণ কৰি পৰিয়াল পোহপাল দি আছে শিল্পীগৰাকীয়ে ৷ একেদৰে পাণ্ডু বৰবজাৰত মনিকা পাল,সুনীতা চেত্ৰী নামৰ মহিলা দুগৰাকীও ব্যস্ত বিশ্বকৰ্মা আৰু দুৰ্গাৰ মূৰ্তি নিৰ্মাণত ৷

আনহাতে পিতৃৰ বিয়োগৰ পিছত মাতৃৰ সৈতে মূৰ্তি নিৰ্মাণ কৰি জীৱন নিৰ্বাহৰ লগতে শিক্ষাগ্ৰহণ কৰি গৈছে পশ্চিম গুৱাহাটী কমাৰ্চ কলেজৰ ময়ূৰী পাল নামৰ ছাত্ৰীগৰাকীয়ে ৷ অশেষ কষ্টৰ পাছতো কষ্টোপাৰ্জিত ধন নোপোৱাৰ অভিযোগ এইসকল মৃন্ময় শিল্পীৰ ৷

প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত মৃন্ময় শিল্পী
Last Updated : Sep 17, 2019, 7:38 AM IST

ABOUT THE AUTHOR

...view details