অসম

assam

ETV Bharat / state

হাথৰস কাণ্ডৰ অভিযুক্তক উচিত শাস্তি প্ৰদানৰ দাবীৰে মহানগৰীত প্ৰতিবাদ

মঙলবাৰে মালিগাঁওস্থিত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত উত্তৰ-পূব ৰে'লৱে কৰ্মচাৰী সন্থাৰ মহিলা শাখাই হাথৰস কাণ্ডৰ অভিযুক্তক উচিত শাস্তি প্ৰদানৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

By

Published : Oct 6, 2020, 8:20 PM IST

মহানগৰীত প্ৰতিবাদ
মহানগৰীত প্ৰতিবাদ

গুৱাহাটী, 6 অক্টোবৰ: উত্তৰ প্ৰদেশৰ হাথৰস কাণ্ডক লৈ সম্প্ৰতি সমগ্ৰ দেশজুৰি অব্যাহয় আছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ সকলোৱে দোষীক কৰায়ত্ব কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰি ৰূপায়ন কৰিছে প্ৰতিবাদী কাৰ্যসূচীও ৷ অনুৰূপভাৱে মঙলবাৰে মালিগাঁওস্থিত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত উত্তৰ-পূব ৰে'লৱে কৰ্মচাৰী সন্থাৰ মহিলা শাখায়ো ৰূপায়ন কৰে এক প্ৰতিবাদী কাৰ্যসূচী ৷

হাথৰস কাণ্ডৰ অভিযুক্তক উচিত শাস্তি প্ৰদানৰ দাবীৰে মহানগৰীত প্ৰতিবাদ

দোষীক কঠোৰতম শাস্তি প্ৰদানৰ লগতে নিৰ্যাতিতা যুৱতাগৰাকীৰ আত্মাৰ সদগতি কামনাৰে প্ৰতিবাদকাৰী সকলে মমবাতি জ্বলাই নেদেখাজনৰ ওপৰত প্ৰাৰ্থনা কৰে ৷ ইফালে দেশত নাৰী নিৰ্যাতনৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়নৰ দাবীও জনালে উত্তৰ-পূব ৰে'লৱে কৰ্মচাৰী সন্থাৰ মহিলা শাখাই ৷

লগতে পঢ়ক:SI কাণ্ডৰ মূল অভিযুক্ত পি কে দত্তক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details