অসম

assam

By

Published : Jan 5, 2023, 10:41 PM IST

ETV Bharat / state

Rapido riding Woman : পুৰুষ প্ৰধান সমাজত ৰেপিড’ চলাই স্বাৱলম্বী হৈছে মালক্ষ্মী

পুৰুষ প্ৰধান সমাজত পুৰুষৰ সমানে সমানে খোজ মিলাইছে মহিলায়ো । মহানগৰীত এনে বহু নাৰী আছি যিয়ে মহানৰীৰত বিভিন্ন ক্ষেত্ৰত কাম কৰি নিজে আত্মনিৰ্ভৰশীলৰ হোৱাৰ লগতে পৰিয়াল পোহ পাল দি আহিছে । আজি তেনে এগৰাকী নাৰীৰ বিষয়ে আমাৰ এই প্ৰতিবেদনত যুগুত কৰা হৈছে (Rapido riding Woman) ।

Woman in Guwahati earn her livelihood by riding for rapido
ৰেপিড' চলাই স্বাৱলম্বী হৈছে মালক্ষ্মী

ৰেপিড' চলাই স্বাৱলম্বী হৈছে মালক্ষ্মী

গুৱাহাটী, 5 জানুৱাৰী :ডিউটি শেষ কৰি ঘৰলৈ যাবলৈ ৰেপিড' এখন বুক কৰিলো । বুক কৰিয়ে ৰেপিড' চালকলৈ ফোনটো লগালো । হেল্লো ক’ত আছে আপুনি ? ফোনৰ সিটো মূৰৰ পৰা ক’লে - ৰিহাবাৰীত । আপুনি ক’ত আছে ? অলপ সময় ৰওক, গৈ আছো ।

মহিলাৰ মাত শুনি সহজভাৱে ল’ব পৰা নাছিলো । কাৰ্যালয়ৰ সন্মুখত অলপ সময় বাট চোৱাৰ পিচতে সেই স্থানত আহি উপস্থিত হ’ল আৰু মোক মোৰ গন্তব্যস্থানলৈ লৈ গ’ল । এনেদৰে বহু যুৱতী, মহিলা, পুৰুষ গ্ৰাহকক নিজৰ নিজৰ গন্তব্যস্থানলৈ লৈ যায় মহানগৰীৰ লালগণেশৰ এগৰাকী মহিলাই (Rapido riding Woman) ।

তেওঁৰ নাম মালক্ষ্মী হাজৰিকা (Malaxmi Hazarika) ।

সাংসাৰিক জীৱন আৰম্ভ কৰাৰ কিছু বছৰ পিচতে মৃত্যু হয় স্বামীৰ । তেতিয়াৰে পৰাই ডেৰ বছৰীয়া বিশেষভাৱে সক্ষম পুত্ৰ সন্তানক লৈ আৰম্ভ হয় তেওঁৰ জীৱন সংগ্ৰাম । প্ৰথমে তেওঁ ব্যক্তিগত খণ্ডৰ কোম্পানী এটাত কাম কৰি পৰিয়াল পোহপাল দিয়ে । হঠাৎ কোম্পানীটো বন্ধ হৈ যোৱাৰ পিচত তেওঁ ভাৰতীয় ডাক সেৱাৰ এজেন্ট হিচাপে কাম আৰম্ভ কৰে ।

সেই কামৰ লগতে তেওঁ পাৰ্ট টাইম হিচাপে 2019 চনৰ পৰা বাইক সেৱা অৰ্থাৎ সহজ অৰ্থাৎ rapido চলাবলৈ আৰম্ভ কৰে । দিনৰ ভাগত ডাক সেৱাৰ এজেন্টৰ কাম কৰি আবেলিৰ পৰা আৰম্ভ কৰে ৰেপিড' চলাবলৈ । আজৰি সময় অপব্যৱহাৰ নকৰি তেওঁ ব্যস্ত হৈ থকাৰ লগতে তেওঁক চলিবলৈ প্ৰয়োজন হোৱা ধনৰ উপাৰ্জনো কিছু পৰিমানে বৃদ্ধি পায় । সাধাৰণতে গুৱাহাটী মহানগৰীত মহিলা ৰেপিড' চালকৰ সংখ্যা একেবাৰে নগন্য ।

লগতে পঢ়ক :Rajamouli won the Best Director Award: ৰাজামৌলীলৈ নিউয়ৰ্ক ফিল্ম ক্ৰিটিকচ চাৰ্কলৰ শ্ৰেষ্ঠ পৰিচালকৰ সন্মান

তাৰ মাজতে তেওঁ ৰেপিড' চলাই স্বাৱলম্বী হৈছে । এইক্ষেত্ৰত গ্ৰাহকসকলেও তেওঁক উৎসাহ আৰু প্ৰেৰণা যোগাই আহিছে ৷ প্ৰতিদিনে আবেলি মালক্ষ্মীয়ে 4 বজাৰ পৰা নিশা 10 বজালৈ ৰেপিড' চলায় (Woman in Guwahati earn her livelihood by riding for rapido) । তেওঁৰ নিয়মীয়া বহু ছোৱালী গ্ৰাহকো আছে । তেওঁলোকে অফলাইনতো তেওঁৰ লগত অহা যোৱা কৰে ।

তেওঁ তেনেকৈ কাম কৰিয়ে বিশেষভাৱে সক্ষম একমাত্ৰ পুত্ৰক ইঞ্জিনিয়াৰ কৰিলে । সম্প্ৰতি পুত্ৰ এতিয়া ব্যক্তিগত কোম্পানীত কৰ্মৰত । মালক্ষ্মী হাজৰিকাৰ এই কৰ্ম সকলোৰে বাবে এক আদৰ্শস্বৰূপ ৷ পুৰুষ প্ৰধান সমাজতো মালক্ষ্মী হাজৰিকাৰ এই কৰ্মৰাজি স্বাভাৱিকতে লেখতল’বলগীয়া ৷ সময়ৰ অপব্যৱহাৰ নকৰি মহিলা সকলক কামকৰিবলৈ তেওঁ আহ্বান জনায় ।

উল্লেখ্য যে, ৰেপিড' চালক মালক্ষ্মী হাজৰিকা কেৱল মাত্ৰ এক উদাহৰণহে ৷ মালক্ষ্মী হাজৰিকাৰ দৰে গুৱাহাটীত আজিও কেবাগৰাকীও মহিলাই ৰেপিড' চলাই স্বাৱলম্বী হৈছে ৷ 2022 ত হোৱা শেহতীয়া ৰেটিঙত প্ৰায় 5 গৰাকী মহিলা আছে, যিয়ে ৰেপিড’ চালক হিচাবে নিয়োজিত হৈ আছে ৷

লগতে পঢ়ক :G20 summit 2023: গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰৰ পৰ্যালোচনা

ABOUT THE AUTHOR

...view details