গুৱাহাটী, 8 মাৰ্চঃমঙলদৈৰ এখন ভিতৰুৱা গাঁৱৰ ধনমণি বৰা নামৰ মহিলাগৰাকীয়ে নাৰী দিৱসৰ দিনাই বাছি লৈছিল উপাৰ্জনৰ এক নতুন পথ ৷ ২০১৮ চনত আজিৰ দিনটোতে অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনাই ই-ৰিক্সা লৈ জীৱন সংগ্ৰামৰ যুঁজত নামিছিল মঙলদৈৰ জীয়ৰী ধনমণি বৰা । এবছৰ পূৰ্বে গুৱাহাটীৰ প্ৰথমগৰাকী মহিলা ই-ৰিক্সা চালক হিচাপে আত্মপ্ৰকাশ কৰিছিল মঙলদৈৰ ধনমণি বৰাই ৷ পুৰুষ মহিলা যদিহে সম অধিকাৰী তেন্তে মহিলাই কিয় ৰিক্সা চলাব নোৱাৰে? এই প্ৰশ্নৰ উত্তৰ বিছাৰিয়ে, নিজৰ পুত্ৰ-কন্যাৰ উজ্বল ভৱিষ্যত গঢ়িবলৈ ই-ৰিক্সা লৈ ৰাজপথলৈ ওলাই আহিছিল তেওঁ ৷
মহিলা ই-ৰিক্সা চাকল হিচাপে তেওঁৰ এই যাত্ৰাত লাভ কৰিছে বহু তিতা-মিঠা অভিজ্ঞতা ৷ কেতিয়াবা যদি মহিলা ই-ৰিক্সা চালক হিচাপে মানুহে উপলুঙা কৰিছে, কেতিয়াবা আকৌ মহানগৰবাসীয়ে উৎসাহিত কৰি আগুৱাই যাবলৈ প্ৰেৰণা যোগাইছে ধনমণিক ৷
বঙাইগাঁওঃএনেকুৱাই আন এক উদাহৰণ বঙাইগাঁৱৰ সুনীতা শাহু ৷ স্বামীৰ মৃত্যুৰ পিচত সম্পূৰ্ণ ঘৰখনৰ দায়িত্ব আহি পৰিছিল সুনীতাৰ কান্ধত ৷ পৰিয়াল পোহপালৰ বাবে কোন পথ বিচাৰি নোপোৱা সুনীতাই অৱশেষত ঠিৰাং কৰিলে ৰাজপথলৈ ওলাই অহাৰ ৷ ৰাজপথলৈ ওলাই আহিয়েই সুনীতাই ধৰিলে অটোৰ ষ্টেইৰিঙত ৷ বঙাইগাঁও চহৰত মহিলা যাত্ৰী সকলৰ বাবে এটা বেচৰকাৰী সন্থাই আৰম্ভ কৰা পিংক অটো চালক হিচাপে কিছুবছৰ পূৰ্বে সুনীতাই আৰম্ভ কৰিছিল জীৱন সংগ্রাম ৷ প্ৰতিদিনে উপাৰ্জন কৰা টকাৰে সুনীতা সক্ষম হৈছে নিজৰ পৰিয়ালটোক পোহপাল দিয়াত ৷