অসম

assam

ETV Bharat / state

গুৱাহাটীত ৫০গৰাকী অগ্ৰণী মহিলাক গাড়ীচালনাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ দক্ষতা প্ৰশিক্ষণ - Transport minister Chandra Mohan Patowary

ৰাজ্যৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে গাড়ীচালনাক সমাজৰ এক অতি দায়িত্বশীল আৰু সন্মানীয় বৃত্তি বুলি উল্লেখ কৰে ৷ তেঁও লগতে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ বিকাশ আৰু উন্নয়নলৈ গাড়ীচালকৰ পৰোক্ষ অৱদান সদায়ে অতুলনীয় আৰু অপৰিসীম বুলি মন্তব্য কৰি গাড়ীচালনাৰ প্ৰশিক্ষণ গ্ৰহণৰ বাবে আগবাঢ়ি অহা মহিলাসকলক অভিনন্দন জনায় ।

woman-driver-training-program-start-at-kalakhetra
গুৱাহাটীত ৫০গৰাকী অগ্ৰণী মহিলাক গাড়ীচালনাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ দক্ষতা প্ৰশিক্ষণ

By

Published : May 21, 2022, 10:43 PM IST

গুৱাহাটী,21 মে': কেবাটাও বিভাগীয় পৰ্যায়ৰ পৰীক্ষণৰ অন্তত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত তথা জিলা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ পল্লৱ গোপাল ঝাৰ তদাৰকিত পৰিবহণ বিভাগে চাৰিটা বিধানসভা সমষ্টি ক্ৰমে জালুকবাৰী, দিছপুৰ, পূৱ গুৱাহাটী আৰু পশ্চিম গুৱাহাটীৰ পৰা বিধায়কৰ অনুমোদন সাপেক্ষে ৫০ গৰাকী মহিলাক গাড়ী চালনাৰ দক্ষতা প্ৰশিক্ষণৰ বাবে বাছনি কৰছে৷ এই উদ্দেশ্যে শণিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত (Srimanta Shankardev Kalakhetra) শুভাৰম্ভ কৰা হয় মহিলাক গাড়ী চালনাৰ দক্ষতা প্ৰশিক্ষণৰ বাবে এক প্ৰশিক্ষণৰ কাৰ্যসূচী ৷

গুৱাহাটীত ৫০গৰাকী অগ্ৰণী মহিলাক গাড়ীচালনাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ দক্ষতা প্ৰশিক্ষণ

এই উপলক্ষে অনুষ্ঠিত সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ৰাজ্যৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে (Transport minister Chandra Mohan Patowary) গাড়ীচালনাক সমাজৰ এক অতি দায়িত্বশীল আৰু সন্মানীয় বৃত্তি বুলি উল্লেখ কৰে ৷ তেঁও লগতে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ বিকাশ আৰু উন্নয়নলৈ গাড়ীচালকৰ পৰোক্ষ অৱদান সদায়ে অতুলনীয় আৰু অপৰিসীম বুলি মন্তব্য কৰি গাড়ীচালনাৰ প্ৰশিক্ষণ গ্ৰহণৰ বাবে আগবাঢ়ি অহা মহিলাসকলক অভিনন্দন জনায় ।

মন্ত্ৰীগৰাকীয়ে বিভিন্ন উন্নয়নমূলক কামত বিদেশ ভ্ৰমণৰ সময়ত উচ্চপদস্থ আমোলা-বিষয়াৰ সমানে সমানে গাড়ীচালকে পোৱা মৰ্যাদা আৰু গুৰুত্ব দেখি অভিভূত হোৱা বুলি মন্তব্য কৰি দেশত সুৰক্ষিত আৰু সন্মানজনক যাতায়াত ব্যৱস্থা এটা গঢ় দিবলৈ হলে প্ৰতিগৰাকী চালককে তেওঁৰ দক্ষতাৰ বাবে উপযুক্ত স্বীকৃতি আৰু শ্ৰমৰ মৰ্যাদা দিবলৈ আহ্বান জনায় ।

গুৱাহাটীত ৫০গৰাকী অগ্ৰণী মহিলাক গাড়ীচালনাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ দক্ষতা প্ৰশিক্ষণ

গাড়ীচালনাৰ প্ৰশিক্ষণৰ সময়ত প্ৰশিক্ষাৰ্থীসকলক ইংৰাজী ভাষাত কথোপকথনত গুৰুত্ব দিয়াৰ লগতে নিজৰ ৰাজ্যখনৰ প্ৰতি যাতে সকলোৰে সম্যক ধাৰণা এটা থাকে সেই সন্দৰ্ভতো মনোনিবেশ কৰিবলৈ আহ্বান জনায় ।

সভাত পৰিবহণ সচিব আৰু আয়ুক্ত আদিল খান, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত তথা জিলা বাছনি আৰু নিৰীক্ষণ সমিতিৰ অধ্যক্ষ পল্লৱ গোপাল ঝা, পৰিবহণ বিভাগৰ সচিব যাদৱ শইকীয়া, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সঞ্চালক কৃষ্ণা বৰুৱা, নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণৰ সঞ্চালিকা কস্তূৰী ভৰালী, শ্ৰম আয়ুক্ত অনামিকা তিৱাৰী আদি বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকল উপস্থিত থাকি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় ।

সভাখনৰ আৰম্ভণিতে উদ্দেশ্য বাখ্যা কৰি সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে কয় যে গাড়ী চালনাৰ ক্ষেত্ৰত এজন চালকৰ নিজৰ দক্ষতাৰ প্ৰতি আত্মবিশ্বাস আৰু আত্মসন্মানবোধ অন্যতম মনকৰিবলগীয়া দিশ ।

লগতে পঢ়ক:মন্দিৰ-মছজিদতকৈও এজন ব্যক্তি নিৰ্মাণ কৰাটো বেছি পবিত্ৰ কৰ্ম: অমিত শ্বাহ

For All Latest Updates

ABOUT THE AUTHOR

...view details