গুৱাহাটী,২৪ এপ্ৰিল: পুনৰ চিকিৎসকৰ ভুল চিকিৎসাৰ বলি হৈ মৃত্যু হ'ল এগৰাকী মহিলাৰ । এই গুৰুতৰ অভিযোগ মৃত মহিলাগৰাকীৰ পৰিয়ালৰ । এগৰাকী মহিলাৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি মহানগৰীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত । মহানগৰীৰ লখৰাস্থিত ক্ৰিটিকেল কেয়াৰ চিকিৎসালয়ত সৃষ্টি হৈছে এই পৰিৱেশ (Woman dies of wrong treatment by doctor) ।
ইতিমধ্যে চিকিৎসালয়ত উপস্থিত আৰক্ষী প্ৰশাসনৰ লোক । পাঁচটা দিন পূৰ্বে এইখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল নলবাৰী কৈঠালকুছিৰ পুতুলী হালৈ নামে এগৰাকী মহিলাক । গ'ল্ড ব্লাডাৰৰ অস্ত্ৰোপচাৰৰ বাবে ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়খনত । ভৰ্তি হোৱাৰ পিছদিনাই অস্ত্ৰোপচাৰ সম্পন্নৰ পাছত এবাৰলৈও পৰিয়ালৰ লোকক সাক্ষাৎ কৰিবলৈ দিয়া নহ'ল মহিলাগৰাকীক (Woman dies after surgery) ।
ইয়াৰ বিপৰীতে সফলতাৰে অস্ত্ৰোপচাৰ হোৱা বুলি দাবী কৰা চিকিৎসালয়খনে স্বাস্থ্যৰ অৱনতি দেখুৱাই ICU লৈ স্থানান্তৰ কৰা বুলিহে পৰিয়ালক জানিবলৈ দিয়ে । একেৰাহে ৪ দিন ICU ত থকাৰ পাচত পুতুলী হালৈক সোমবাৰে মৃত বুলি ঘোষণা কৰে চিকিৎসালয় কৰ্তৃপক্ষই । সমান্তৰালভাৱে চিকিৎসালয়খনে মৃত মহিলাগৰাকীৰ পৰিয়ালটোৰ ক্ষোভৰ উমান পাই নিয়োগ কৰে আৰক্ষী (Wrong treatment by doctor) ।