অসম

assam

ETV Bharat / state

ভূতনাথত ৰে'লৰ চেপাত মহিলাৰ মৃত্যু

সোমবাৰে নিশা ভূতনাথত ৰে'লৰ খুন্দাত এগৰাকী মহিলাৰ মৃত্যু হয়৷ স্থানীয় লোকৰ সন্দেহ অনুসৰি মহিলা গৰাকীয়ে আত্মহত্যা কৰিছে ৷

By

Published : Dec 31, 2019, 8:31 AM IST

Bhootnath
ভূতনাথত ৰে'লৰ চেপাত মহিলাৰ মৃত্যু

গুৱাহাটী, 31 ডিচেম্বৰঃসোমবাৰে নিশা মহানগৰীৰ ভূতনাথত ৰে'লৰ খুন্দাত এগৰাকী মহিলাৰ মৃত্যু হয় ৷ মৃত মহিলা গৰাকী ভূতনাথৰ সীমা দেৱী বুলি চিনাক্ত কৰা হৈছে।

ভূতনাথত ৰে'লৰ চেপাত মহিলাৰ মৃত্যু

ৰে'ল লাইনত স্থানীয় ৰাইজে চূৰ্ণ বিচূৰ্ণ অৱস্থাত মহিলা গৰাকীৰ মৃতদেহটো প্ৰত্যক্ষ কৰি এই সন্দৰ্ভত অৰক্ষীক অৱগত কৰে ৷ পৰৱৰ্তী সময়ত কামাখ্যা জি আৰ পি ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷ আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ একাংশ লোকৰ সন্দেহ অনুসৰি মহিলা গৰাকীয়ে ৰে'লৰ আগত পৰি আত্মহত্যা কৰিছে ৷ কিন্তু আৰক্ষীৰ তদন্তৰ পিচতহে এয়া আত্মহত্যা নে দুৰ্ঘটনা সেয়া পোহৰলৈ আহিব ৷

লগতে পঢ়ক - ভাৰত ভূটান সীমান্তৰ আন্তঃৰাষ্ট্ৰীয় তোৰণ মুকলি

ABOUT THE AUTHOR

...view details