গুৱাহাটী, 19 ফেব্ৰুৱাৰী:দিল্লীৰ শ্ৰদ্ধাৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ (Delhi shraddha case) উত্তেজনা মাৰ নৌযাওঁতেই গুৱাহাটী মহানগৰীত সংঘটিত হ’ল আন এক অনুৰূপ হত্যাকাণ্ড ৷ এইবাৰ প্ৰেমিক নহয় পত্নীয়ে হত্যা কৰিলে নিজৰ স্বামী আৰু শাহুৱেকক । আৰক্ষীৰ এটা উচ্চস্তৰীয় সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি এই হত্যাকাণ্ড ইমানেই নৃশংস আছিল যে পত্নীয়ে স্বামী আৰু শাহুৱেকক হত্যা কৰি পাচত দাৰে টুকুৰা-টুকুৰ কৰা শৰীৰ পলিথিনত ভৰাই মেঘালয়ৰ ডাউকী ৰোডৰ পাহাৰীয়া অঞ্চলৰ প্ৰায় 50/60 ফুট দ’ খাৱৈত পেলাই দিছিল (Woman killed husband and mother in law) ৷
ঘটনাটো সংঘটিত হোৱাৰ প্ৰায় 7 মাহ পাচত আৰক্ষীৰ গোপন তদন্তত পোহৰলৈ আহে এই নৃশংস হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ । তথ্য অনুসৰি মহানগৰীৰ নাৰেংগী এছ বি আই বেংকৰ সমীপৰ বাসিন্দা অমৰজ্যোতি দে’ কেইবছৰমান পূৰ্বে বন্দনা কলিতা নামৰ এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল । বিয়াৰ কিছুদিন পাচলৈকে স্বামী আৰু স্ত্ৰীৰ সম্পৰ্ক ঠিকে আছিল যদিও অধিক উচ্চাকাংক্ষী পত্নী বন্দনাৰ সৈতে ধনজিৎ ডেকা নামৰ এজন যুৱকৰ অবৈধ প্ৰেমৰ সম্পৰ্ক আছিল ।
এই কথাক লৈ স্বামী অমৰজ্যোতি দে’ আৰু বন্দনাৰ মাজত প্ৰায়ে সংঘাতৰ সৃষ্টি হৈছিল । ইফালে, অমৰজ্যোতি দে’ৰ মাতৃ শংকৰী দেৰ নামত মহানগৰীৰ চান্দমাৰি অঞ্চলত পাঁচটা অট্টালিকা আছিল । তাৰে এটা অট্টালিকাত মাতৃয়ে অকলে বসবাস কৰি আছিল । ইয়াৰে অন্য চাৰিটা অট্টালিকাৰ ভাড়া সংগ্ৰহ কৰি আছিল অমৰজ্যোতি দে’ৰ মোমায়েকে । ইয়াক লৈয়ো পত্নী বন্দনা কলিতা সন্তুষ্ট নাছিল । এনে বিভিন্ন কাৰণতে বন্দনা কলিতা আৰু স্বামী অমৰজ্যোতি দেৰ মাজত বিবাহ বিচ্ছেদৰ প্ৰস্তুতি চলি আছিল (Murder in Guwahati) ।
এনে সময়তে প্ৰায় 7 মাহ পূৰ্বে বন্দনাই তেওঁৰ স্বামী অমৰজ্যোতি দে’ আৰু শাহুৱেক শংকৰী দে’ নিৰুদ্দেশ হৈ থকা বুলি নুনমাটি আৰক্ষী থানাত এখন এজাহাৰ দিয়ে । এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে সন্ধানহীন সম্পৰ্কীয় গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখে । এই তদন্ত চলি থকা সময়তে বন্দনাই দ্বিতীয়খন এজাহাৰ দাখিল কৰি শাহুৱেকৰ পাঁচটা একাউন্টৰ ধন অমৰজ্যোতি দে’ৰ মোমায়েকে হৰলুকী কৰাৰ অভিযোগ কৰি ঘটনাৰ তদন্ত বিচাৰে ।