অসম

assam

ETV Bharat / state

Domestic violence in Guwahati: যৌতুক বিচাৰি বোৱাৰীক হত্যাৰ অপচেষ্টা - Crime against women

গুৱাহাটীত সংঘটিত হৈছে এক অমানৱীয় ঘটনা ৷ যৌতুকৰ বাবে বোৱাৰীক নিৰ্যাতনৰ অভিযোগ স্বামী পৰিয়ালৰ বিৰুদ্ধে ৷ হত্যাৰ অপচেষ্টা ৷

Domestic violence in Guwahati
Satgoan attempt to murder

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 10:47 PM IST

গুৱাহাটী, ২ নৱেম্বৰ: দুচকুত বহু সপোন লৈ বিয়া নামৰ জাউৰি আৰু আয়তীৰ উৰুলিৰ মাজেৰে সমাজক সাক্ষী কৰি দুটি জীৱন এক হৈ পৰে ৷ যাক আমি কওঁ বিবাহ ৷ ভাৰতীয় সভ্যতা-সংস্কৃতিত বিবাহক বিশেষ মৰ্যাদা প্ৰদান কৰি অহা হৈছে ৷ বিবাহ মানে কেৱল এগৰাকী পুৰুষ আৰু এগৰাকী মহিলাৰ মিলন নহয় ৷ ই হৈছে দুখন ঘৰ, দুটা পৰিয়ালৰ মাজত চিৰদিনলৈ স্থাপন হোৱা এক সম্পৰ্ক, এক বান্ধোন ৷ এই সম্পৰ্কৰ অমৃতো কেতিয়াবা কিন্তু গৰল হৈ পৰে ৷ অকালতে মৰহি যায় এই সম্পৰ্ক ৷

স্বামীগৃহত পত্নীক নিৰ্যাতন বা হত্যাৰ ঘটনা নতুন নহয় ৷ বৰ্তমান সভ্যতাৰ শিখৰত আৰোহন কৰা কোৱা আমাৰ সমাজত এনে নিকৃষ্ট ঘটনা প্ৰায়েই পোহৰলৈ আহে ৷ এইবাৰ তেনে এক ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত ৷ মহানগৰীৰ সাতগাঁও থানাৰ অন্তৰ্গত বাঘৰবৰীৰ পুৱেৰুন পথত বৃহস্পতিবাৰে নিশা তেনে এক ঘটনা সংঘটিত হয় ।

পাৰিবাৰিক সংঘাতৰ পৰিণতিত এগৰাকী বোৱাৰীক স্বামী তথা শাহুৱেকে গাত কেৰাচিন তেল ঢালি জ্বলাই দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ এই ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে স্বামীসহ শহুৰ-শাহুৰ বিৰুদ্ধে সাতগাঁও থানাত এজাহাৰ দাখিল কৰিছে ।

ভুক্তভোগী মহিলাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া মতে, বিবাহপাশত আবদ্ধ হোৱাৰ প্ৰায় ডেৰ বছৰ পিছৰে পৰা নিচাসক্ত স্বামী হিৰক জ্যোতি পাঠক আৰু পৰিয়ালৰ লোকে যৌতুকজনিত কথাকে ধৰি বিভিন্ন কাৰণত অকথ্য নিৰ্যাতন চলাই আহিছিল তেওঁক । বৃহস্পতিবাৰে নিশাও কিবা কথাক লৈ স্বামী হিৰকজ্যোতি পাঠক আৰু পৰিয়ালৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় । ইয়াৰ পিছতে স্বামীয়ে পত্নীক প্ৰহাৰ কৰে ।

অকল এয়াই নহয়, পৰিয়ালৰ লোকে এটা কোঠাত আবদ্ধ কৰি বোৱাৰীগৰাকীৰ শৰীৰত কেৰাচিন তেল ঢালি জীৱন্ত জ্বলাই দিয়াৰ চেষ্টা চলায় । লগে লগে বোৱাৰীগৰাকীয়ে কোনোমতে তেওঁলোকৰ পৰা মুক্ত হৈ সাতগাঁও আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বোৱাৰীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী ।

বোৱাৰী গৰাকীয়ে শাহুৱেকে তেওঁৰ সোণৰ আঙুঠি চুৰি কৰা কাৰ্যৰ বিৰোধিতা কৰাৰ বাবেও তেওঁৰ শৰীৰত কেৰাচিন তেল ঢালি জ্বলাই দিয়াৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্তাপন কৰে । ঘটনা সন্দৰ্ভত সাতগাঁও থানাই এটা গোচৰ ৰজু কৰি তদন্ত অব্যাহত ৰাখিছে । ইফালে এই ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছে মহিলাগৰাকীৰ স্বামী হিৰকজ্যোতি পাঠক । হিৰকজ্যোতিয়ে পাঞ্জাবাৰী বতাহঘুলিত এটা নিচা মুক্তি কেন্দ্ৰ চলাই আছে ।

লগতে পঢ়ক:Blade attack in Nagaon: ব্লেডেৰে আক্ৰমণ কৰি ডেলিভাৰী বয়ৰ জেপ লুটিলে দুৰ্বৃত্তই

ABOUT THE AUTHOR

...view details