অসম

assam

ETV Bharat / state

মিচিং স্বায়ত্ব শাসিত পৰিষদৰ বিৰুদ্ধে ভূমি দখলৰ অভিযোগ খিলঞ্জীয়া মহিলাৰ - মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ভূমি দখল বাতৰি

মুখ্যমন্ত্ৰীয়ে দহ বছৰ বসবাস কৰিলে মাটিৰ পট্টা দিয়াৰ কথা ঘোষণা কৰাৰ সময়তে মহানগৰীৰ বেলতলাত শোষিত হৈছে খিলঞ্জীয়া ৷ সুদীৰ্ঘ 40 বছৰে দখল স্বত্ব ভোগ কৰি অহা ভূমি মিচিং স্বায়ত্ব শাসিত পৰিষদে বলপূৰ্বকভাৱে দখল কৰাৰ অভিযোগ মহিলাৰ (Woman accuse Mising Autonomous Council of Land grabbing) ৷

as_ghy_05_Land_grabbing_allegations_against_Mising_Autonomous_Council_7209925
মিচিং স্বায়ত্ব শাসিত পৰিষদৰ বিৰুদ্ধে ভূমি দখলৰ অভিযোগ খিলঞ্জীয়া মহিলাৰ

By

Published : Nov 29, 2021, 2:31 PM IST

গুৱাহাটী, 29 নৱেম্বৰ :মিচিং স্বায়ত্ব শাসিত পৰিষদৰ বিৰুদ্ধে ভূমি দখলৰ অভিযোগ এগৰাকী খিলঞ্জীয়াৰ (Mising Autonomous Council accused of Land grabbing)৷ সুদীৰ্ঘ 40 বছৰে দখল স্বত্ব ভোগ কৰি অহা ভূমি মিচিং স্বায়ত্ব শাসিত পৰিষদে বলপূৰ্বকভাৱে দখল কৰি তাত নিৰ্মাণকাৰ্য আৰম্ভ কৰাৰ অভিযোগ ভুক্তভোগীৰ ৷

মিচিং স্বায়ত্ব শাসিত পৰিষদৰ বিৰুদ্ধে ভূমি দখলৰ অভিযোগ

ঘটনা অনুসৰি, বিগত 40 বছৰে গুৱাহাটীৰ বেলতলা মৌজাৰ মৈদাম গাঁৱৰ জৱাহৰ নগৰত বাস কৰি আহিছিল মুন মুন শৰ্মা দুৱৰা নামৰ মহিলাগৰাকীৰ পৰিয়ালে ৷ ভূমিখিনিৰ ম্যাদিপট্টাৰ বাবে তেওঁ 2007 চনতেই পঞ্জীয়ন কৰিছিল ৷ আনকি এইক্ষেত্ৰত ইতিমধ্যে যাৱতীয় সকলো প্ৰক্ৰিয়াও সম্পূৰ্ণ কৰা হৈছে ৷ কিন্তু যোৱা 20 নৱেম্বৰৰ সন্ধিয়া অতৰ্কিতে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ লোকে বলপূৰ্বকভাৱে ভূমিখিনি দখল কৰে (Mising Autonomous Council Land grabbing at Guwahati) ৷

মিচিং স্বায়ত্ব শাসিত পৰিষদৰ বিৰুদ্ধে ভূমি দখলৰ অভিযোগ খিলঞ্জীয়া মহিলাৰ

ভূমি দখলৰ সময়ত দলটোৰ সৈতে কোনো আৰক্ষীৰ লোক নথকাৰ কথাও জানিবলৈ দিয়ে ভুক্তভোগী মুন মুন শৰ্মা দুৱৰাই ৷ লগতে আন দুটা পৰিয়ালৰ ভূমি মিচিং স্বায়ত্ব শাসিত পৰিষদে দখল কৰা বুলি অভিযোগ উত্থাপন কৰিছে ভোক্তভোগী মহিলাগৰাকীয়ে (Woman accuse Mising Autonomous Council of Land grabbing) ৷ লগতে তাত থকা সকলো ঘৰ-দুৱাৰ আৰু দোকান-পোহাৰো ভাঙি লণ্ড-ভণ্ড কৰে মিচিং স্বায়ত্ব শাসিত পৰিষদে ৷

মিচিং স্বায়ত্ব শাসিত পৰিষদৰ বিৰুদ্ধে ভূমি দখলৰ অভিযোগ

ভুক্তভোগী মুন মুন শৰ্মা দুৱৰাৰ অভিযোগ, চৰকাৰী সকলো ধৰণৰ কৰ নিয়মিত ৰূপে আদায় দিয়াৰ পিছতো ভূমিখিনি দখল কৰিছে পৰিষদে ৷ আনকি চৰকাৰে ভূমিখিনি দখলৰ বাবে পৰিষদক অনুমতি দিয়া বুলি জনোৱা বুলিও কয় ভুক্তভোগী মহিলাগৰাকীয়ে ৷ এই সন্দৰ্ভত তেওঁ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ ওচৰত অভিযোগ দাখিল কৰিছে ৷ লগতে মুখ্যমন্ত্ৰী, জিলা উপায়ুক্ত আৰু আৰক্ষী আয়ুক্তলৈয়ো পত্ৰ প্ৰেৰণ কৰিব বুলি জনায় মুন মুন শৰ্মা দুৱৰাই ৷

মিচিং স্বায়ত্ব শাসিত পৰিষদৰ বিৰুদ্ধে ভূমি দখলৰ অভিযোগ

লগতে পঢ়ক :Jorhat-Majuli Bridge : আজি খুঁটা পোতা কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details