গুৱাহাটী, ১০ আগষ্ট : বুধবাৰে দেশৰ ৰাজধানী নতুন দিল্লীত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট বৈঠক। দিল্লীত অনুষ্ঠিত হোৱা অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ নিশা ঘোষণা কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । দিল্লীত অনুষ্ঠিত বুধবাৰৰ অসম কেবিনেটে ৰাজ্যৰ লাখ লাখ আশা কৰ্মচাৰীলৈ সুখবৰ কঢ়িয়াই আনিছে ৷ চৰকাৰে সদৰী কৰা অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ ভিতৰত আশা কৰ্মী, আশা তত্বাৱধায়কৰ কৰ্মৰ পৰা অব্যাহতিৰ বয়স নিৰ্ধাৰণ ৷
স্বীকৃতিপ্ৰাপ্ত সামাজিক স্বাস্থ্য কৰ্মী (আশা) আৰু আশা তত্বাৱধায়কৰ বাবে অব্যাহতিৰ বয়স আৰু এককালীন কৃতজ্ঞতাৰ মাননিৰ সুবিধা নিৰ্ধাৰণ কৰা হয় কেবিনেটত । কেবিনেটৰ সিদ্ধান্ত অনুসৰি আশা আৰু আশা তত্বাৱধায়কৰ সেৱাৰ পৰা অব্যাহতি লোৱাৰ বয়স ৬০ বছৰ হ'ব ৷ ন্যূনতম ১০ বছৰ ধৰি অবিৰত স্বেচ্ছাসেৱী সেৱা আগবঢ়োৱা আশাকৰ্মীয়ে ৬০ বছৰ সম্পূৰ্ণ কৰাৰ পিচত নিজৰ সেৱাৰ পৰা অব্যাহতি ল’লে ২ লাখ টকাৰ এককালীন কৃতজ্ঞতামূলক সুবিধা লাভ কৰিব কৰ্মী গৰাকীয়ে ৷
একেদৰে আশা তত্বাৱধায়কসকলে ৬০ বছৰ সম্পূৰ্ণ কৰাৰ পিছত নিজৰ সেৱাৰ পৰা অব্যাহতি লাভ কৰিলে ৩ লাখ টকাৰ এককালীন কৃতজ্ঞতাৰ সুবিধা লাভ কৰিব পাৰিব । আনহাতে, আশা আৰু আশা তত্বাৱধায়কসকলে ৬০ বছৰ সম্পূৰ্ণ কৰাৰ আগতে পদত্যাগ বা স্বেচ্ছামূলক সেৱা এৰিলে, কিন্তু ন্যূনতম ১০ বছৰলৈকে অবিৰত স্বেচ্ছামূলক সেৱা আগবঢ়োৱাৰ পিচত ১ লাখ টকাৰ এককালীন কৃতজ্ঞতাৰ লাভৰ সুবিধাৰ বাবে যোগ্য হ’ব । কৰ্মৰত অৱস্থাত মৃত্যু হোৱা আশাকৰ্মী আৰু আশা ছুপাৰভাইজাৰৰ নিকট আত্মীয়ই তেওঁলোকৰ যোগ্যতা অনুসৰি সুবিধা লাভ কৰিব ৷
মাণ্ডলিক বায়ু সংযোগ গুৱাহাটী-যোৰহাট পথৰ বাবে নন-ইউডিএএন (Non-UDAN) আঁচনিৰ অধীনত Viability Gap Funding (VGF)ত অনুমোদন জনায় দিল্লীত অনুষ্ঠিত অসম কেবিনেটে । ফ্লাইবিগক নন-ইউডিএএন আঁচনিৰ ভিজিএফ ব্যৱস্থাৰ অধীনত গুৱাহাটী-ডিব্ৰুগড় আৰু গুৱাহাটী-শিলচৰ পথৰ ৰাজহ মডেলৰ লগতে একেধৰণৰ চৰ্তত গুৱাহাটী-যোৰহাট পথ পৰিচালনা কৰিবলৈ অনুমতি দিয়া হ’ব ৷ নন- ইউডিএএন আঁচনিৰ ভিজিএফ ব্যৱস্থাৰ অধীনত ২০২৪ চনৰ ৩১ মাৰ্চলৈকে অনুমোদিত এই খণ্ডসমূহৰ মাজত বিমান সেৱা বৃদ্ধিৰ বাবে অনুমোদন জনায় ৷
খাদ্য, অসামৰিক যোগান বিভাগৰ পুনৰ নামকৰণ ৷ ৰাজ্যৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ নাম সলনি হৈ হ’ব ‘‘খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ’’ ৷ এই সিদ্ধান্তত অনুমোদন বুধবাৰৰ ৰাজ্যিক কেবিনেটৰ । খাদ্য সুৰক্ষা বিধি ৰূপায়ণ, ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সৈতে জড়িত নিয়ন্ত্ৰণ আৰু খাদ্য সুৰক্ষাৰ সৈতে জড়িত নীতি প্ৰণয়ন ইত্যাদি নব্য নামাংকিত বিভাগটোৰ দায়িত্ব হ’ব ।